অসম

assam

ETV Bharat / state

Moina Nayak Discharged: সুদীৰ্ঘ 7 মাহৰ পাচত মৃত্যুক জিনি ঘৰলৈ উভতিল মইনা নায়ক - Moina Nayak news update

সুদীৰ্ঘ 7 মহীয়া চিকিৎসাৰ অন্তত ঘৰলৈ উভতিল ডিব্ৰুগড়ৰ মইনা নায়ক ৷ লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত কৰ্মৰত অৱস্থাত চলন্ত মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মইনা নায়ক(Moina Nayak incident) ৷ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ(GMCH) পৰা ঘৰলৈ যাবলৈ দিয়া হ’ল মইনাক ৷

Moina Nayak Discharged
সুদীৰ্ঘ 7 মাহৰ পাচত মৃত্যুক জিনি ঘৰলৈ উভতিল মইনা নায়ক

By

Published : Feb 6, 2023, 7:15 PM IST

সুদীৰ্ঘ 7 মাহৰ পাচত মৃত্যুক জিনি ঘৰলৈ উভতিল মইনা নায়ক

গুৱাহাটী, 6 ফেব্ৰুৱাৰী:মইনা নায়কক বাৰু আপোনাৰ মনত আছেনে ? ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত সোমাই অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা মইনা নায়কক হয়তু আপুনি নিশ্চয় পাহৰিব পৰা নাই ৷ মইনা নায়কৰ সেই ঘটনাই অতিক্ৰম কৰিলে 7 টা মাহ ৷ কিন্তু সম্প্ৰতি কেনে আছে মইনা নায়ক(Moina Nayak incident update) ?

হয়, সুদীৰ্ঘ 7 মহীয়া চিকিৎসাৰ অন্তত সুস্থ হৈ সোমবাৰে ঘৰলৈ উভতিল ডিব্ৰুগড়ৰ মইনা নায়ক ৷ এলানি দীঘলীয়া অস্ত্ৰোপচাৰ, চিকিৎসকৰ প্ৰচেষ্টাৰ পাচত প্ৰায় সুস্থ হৈ উঠিল মইনা নায়ক ৷ 7 মাহৰ পূৰ্বে অৰ্থাৎ 2022 চনৰ 19 জুলাইত কৰ্মৰত অৱস্থাত সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা সেই ভয়ংকৰ দুৰ্ঘটনাটো (Tea garden worker Moina Nayak) ৷

সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ (GMCH) পৰা লেপেটকটা চাহ বাগিচাৰ বৰলাইনৰ ঘৰখনলৈ গ’ল মইনা নায়ক ৷ হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ ওলাই সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিলে মইনা নায়কে ৷ অৱশ্যে সামান্য চকুৰ বিষ আৰু মূৰৰ বিষ আছে বুলি উল্লেখ কৰে মইনা নায়কে ৷

GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনোৱা অনুসৰি মইনাৰ এতিয়াও কিছু চিকিৎসা বাকী আছে ৷ টিছু আৰু হেয়াৰ প্লাণ্টেশ্বনৰ কামৰ বাবে ডেৰমাহৰ পাচত মইনা নায়ক পুনৰ আহিব লাগিব GMCH লৈ ৷ মইনাৰ প্ৰচুৰ ইচ্ছাশক্তিয়ে এক নতুন জীৱন দিয়াত সহায় কৰা বুলিও মন্তব্য GMCHৰ অধীক্ষকগৰাকীৰ (Moina Nayak released from GMCH) ৷

উল্লেখ্য যে, লক্ষ্মী চাহ কোম্পানীৰ অধীনস্থ লেপেটকটা চাহ বাগিছাৰ অস্থায়ী শ্ৰমিক আছিল মইনা নায়ক(Dibrugarh tea garden incident) ৷ কিন্তু দুৰ্ভাগ্যবশত চলন্ত চিটিচি মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মইনা ৷ আঘাতপ্ৰাপ্ত মইনা নায়কক পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে লৈ অনা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷ সম্পূৰ্ণ চৰকাৰী ব্যৱস্থাপনাৰ মাজেৰে আৰম্ভ হৈছিল জীৱন-মৃত্যুৰে যুঁজ দি থকা মইনা নায়কৰ চিকিৎসা ৷ অসম চৰকাৰে বহন কৰিছিল মইনাৰ চিকিৎসাৰ সকলো খৰচ(Moina Nayak news update) ৷

স্মৰ্তব্য যে, মইনা নায়কৰ ঘটনাই সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছিল ৷ সমগ্ৰ ৰাজ্যতে উত্থাপন হৈছিল মইনা নায়কক উচিত ক্ষতিপূৰণ আৰু উন্নত চিকিৎসা প্ৰদানৰ দাবী ৷ সমসাময়িকভাৱে মইনা নায়কৰ সেই ঘটনাৰ পাচতে পোহৰলৈ আহিছিল ৰাজ্যৰ আন কেইবাটাও স্থানত চাহ বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত শ্ৰমিক আহত হোৱাৰ ঘটনা ৷

লগতে পঢ়ক:Safai karamchari Recruitment: ৰাজ্যত চাফাই কৰ্মী নিযুক্তিত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী

ABOUT THE AUTHOR

...view details