অসম

assam

ETV Bharat / state

ৰাজ্যত জন্ম আৰু এটা মহিলা ৰাজনৈতিক দলৰ - দোষীক শাস্তি প্ৰদান

অসমক এখন উন্নত ৰাজ্য হিচাপে ঐক্য শান্তি, প্ৰগতি,অস্তিত্ব ৰক্ষা কৰা, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিকভাৱে গঢ়ি তোলাই প্ৰধান লক্ষ্য আৰু উদ্যেশ্য ৷ মহিলাৰ ধৰ্ষণ আৰু হত্যাৰ বাবে জঘন্য ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদান কৰা আৰু অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ কৰা ইত্যাদি দলটোৰ প্ৰধান লক্ষ্য উদ্দেশ্য বুলি সংবাদ মেলত সদৰি কৰে দলটোৰ বিষয়ববীয়াই

mohilar dol formations  at guwahtai
ৰাজ্যত জন্ম এটা মহিলাৰ ৰাজনৈতিক দলৰ

By

Published : Oct 29, 2020, 5:18 PM IST

গুৱাহাটী,29 অক্টোবৰঃ ৰাজ্যত পুনৰ জন্ম পালে আন এটা ৰাজনৈতিক দলে ৷ মহিলাৰ দ্বাৰা গঠন হ'ল এই ৰাজনৈতিক দলটো ৷ নতুন ৰাজনৈতিক দলটোৰ নাম "মহিলাৰ দল" ৷ গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে দলটোৱে ৷ মহিলাৰ সুৰক্ষা আৰু অধিকাৰৰ বিৰুদ্ধে যুঁজিব দলটোৱে ৷ ৰাজ্যৰ প্ৰতিটো সমষ্টিতে দিব প্ৰাৰ্থী ৷

ইপিনে দলটোৰ লক্ষ্য আৰু উদ্যেশ্য সমূহ হ'ল অসমক এখন উন্নত ৰাজ্য হিচাপে ঐক্য শান্তি,প্ৰগতি,অস্তিত্ব ৰক্ষা কৰা, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিকভাৱে গঢ়ি তোলাই প্ৰধান লক্ষ্য আৰু উদ্যেশ্য ৷ মহিলাৰ ধৰ্ষণ আৰু হত্যাৰ বাবে জঘন্য ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদান কৰা আৰু অতি সোনকালে আইনি ব্যৱস্থা গ্ৰহণ কৰা ৷ খিলঞ্জীয়াৰ ভূমিৰ সংৰক্ষণ ব্যৱস্থা আৰু খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰা, ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱা যুৱক যুৱতীৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব সদৰি কৰে দলটোৰ বিষয়ববীয়াই ৷

সংবাদমেলত উপস্থিত থাকে সাধাৰণ সম্পাদিকা বৰ্নালী নেওগ,প্ৰচাৰ সম্পাদিকা বিলু দত্ত আৰু সভানেত্ৰী ভৱানী বড়ো ৷ উল্লেখ্য যে নতুনকৈ জন্ম পোৱা মহিলাৰ দলৰ মুখ্য কাৰ্যালয় হ'ব মহানগৰীৰ উলুবাৰীত ৷

লগতে পঢ়কঃ ঢোল বাঁহী আৰু ঐনিতমৰ সুৰেৰে মুখৰিত জোনাই

ABOUT THE AUTHOR

...view details