গুৱাহাটী, 12 ডিচেম্বৰঃমা কামাখ্যাৰ আশীস বিচাৰি শনিবাৰে পুৱাই শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় RSS প্ৰধান মোহন ভাগৱত । দেৱী কামাখ্যাৰ ওচৰত পূজা আগবঢ়ায় হিন্দুত্ববাদী নেতা গৰাকীয়ে ৷ তেখেতৰ আগমনক লৈ মন্দিৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় ৷ ইয়াৰ পিছতেই মহানগৰীৰ মালিগাঁও আদিংগিৰি পাহাৰস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয়লৈ ৰাওঁনা হয় RSS নেতা মোহন ভাগৱত ।
কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত - কামাখ্যাত মোহন ভাগৱত
শনিবাৰে পুৱাই শক্তিপীঠ কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত ৷ বিগত কেইবাদিন ধৰি গুৱাহাটীৰ মালিগাঁৱত বাহৰ পাতি আছে RSS প্ৰধান গৰাকী ৷
কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত
উল্লেখ্য যে, বিগত কেইবাদিন ধৰি গুৱাহাটীৰ মালিগাঁৱত বাহৰ পাতি আছে RSS প্ৰধান মোহন ভাগৱত । আদিংগিৰী পাহাৰৰ RSS কার্যালয়ত সংঘৰ বিশেষ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যেৰে গুৱাহাটীলৈ আহিছিল হিন্দুত্ববাদী নেতাগৰাকী ৷ শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতো এক গোপন বৈঠক মিলিত হৈছিল মোহন ভাগৱত। ২০২১ৰ পূৰ্বে RSS প্ৰধান মোহন ভাগৱত অসম ভ্ৰমণলৈ অহাটো এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক-বিটিচি নিৰ্বাচন : কোনে মাৰিব শেষ হাঁহি ?