গুৱাহাটী, ৩ নৱেম্বৰ :প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক এনেয়ে অষ্টলক্ষ্মী আখ্যা দিয়া নাই (PM Modi called northeast Astalakshmi) যুক্তিনিষ্ঠভাৱে ইয়াক প্ৰতিষ্ঠিত কৰিছে । অষ্টলক্ষ্মীৰ দ্বাৰা দেশৰ বিকাশত গুৰুত্ব দিয়া বাবেই আজি উত্তৰ-পূৰ্বাঞ্চল প্ৰগতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে । এই মন্তব্য কেন্দ্ৰীয় মন্ত্রী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ (former CM Sarbananda Sonowal) ।
বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতিকুছিস্থিত বাসভৱনত সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে এইদৰে কয় (Central Minister Sarbananda Sonowal press meet) । তেওঁ কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে (PM Narendra Modi led BJP Govt) বিগত আঠ বছৰত দেশক অৰ্থনৈতিকভাৱে বিশ্বৰ এখন দ্ৰুত উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।
এইক্ষেত্রত ভাৰত বৰ্তমান বিশ্বৰ পাঁচ নম্বৰ স্থানত আছে । বিজেপি চৰকাৰ গঠনৰ পূৰ্বে দহ নম্বৰ স্থানত আছিল । স্বাধীনতাৰ ৭৫ বছৰ পাছত দেশে বিজেপি চৰকাৰৰ দিনত সৰ্বাংগীন বিকাশেৰে প্ৰগতিৰ দিশত ধাৱমান হ'বলৈ সক্ষম হৈছে । তেওঁ কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কেৱল ভিজনতে সীমাবদ্ধ হৈ নাথাকে । ভিজন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত মনিটৰিং কৰি কাৰ্যকৰী ৰূপ দিয়ে ।
বিজেপি চৰকাৰৰ দিনত দেশৰ প্ৰতিখন ৰাজ্যই আজি যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ যোগেদি আগুৱাই যাবলৈ সক্ষম হৈছে । যোগাযোগ ব্যৱস্থাৰ উন্নয়ন অবিহনে এখন ৰাজ্যৰ আৰু দেশৰ প্ৰগতি কেতিয়াও সম্ভৱ নহয় । যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ যোগেদি আজি দেশৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হৈছে । কংগ্ৰেছৰ দিনত অসমসহ উত্তৰ-পূৰ্বাঞ্চল অতি পিছপৰি আছিল ।