অসম

assam

By

Published : Jan 27, 2021, 1:29 PM IST

ETV Bharat / state

পুনৰ আহি আছে প্ৰধানমন্ত্ৰী মোডীঃ এইবাৰ ঢেকীয়াজুলিত বিশাল সভা

অহা ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ঢেকীয়াজুলিত অনুষ্ঠিত হ'বলগীয়া এখন বিশাল সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

অহা ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
অহা ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

গুৱাহাটী,২৭ জানুৱাৰী: নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই ৰাষ্ট্ৰীয় নেতাই সঘনাই অসম ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে । সৌ সিদিনা অগা-পিছাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ দুই মূৰে দুখনকৈ সভাত ভাগ লৈ নিৰ্বাচনী ৰণডংকা বজাই থৈ যোৱাৰ পিছত পুনৰ অসমলৈ আহিবলৈ কাৰ্যসূচী চূড়ান্ত কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল সূত্ৰই আজি ই টিভি ভাৰতক নিশ্চিত কৰিছে এই তথ্য ।

অহা ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সেই অনুসৰি,অহা ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী । অৱশ্যে বৰ্তমানলৈকে গুৱাহাটীত তেওঁৰ কোনো কাৰ্যসূচী চূড়ান্ত কৰা হোৱা নাই । ইয়াৰ বিপৰীতে উক্ত দিনটোত ঢেকীয়াজুলিত অনুষ্ঠিত হ'বলগীয়া এখন বিশাল সভাত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে ।

এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া মোডীয়ে সেইদিনাই বিশ্বনাথ চাৰিআলিত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰাৰ কথা । বিধানসভা নিৰ্বাচনত অসমত পুনৰ বিজেপিৰ জয়ধ্বজা উৰুৱাবলৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এতিয়া প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক:যোৰহাটত নাও দুৰ্ঘটনা:উদ্ধাৰ 9 বছৰীয়া শিশুৰ মৃতদেহ

ABOUT THE AUTHOR

...view details