অসম

assam

By

Published : Feb 4, 2021, 12:55 PM IST

Updated : Feb 4, 2021, 1:03 PM IST

ETV Bharat / state

মোদীৰ সভাঃ ঢেকীয়াজুলিত ৫ লাখ মানুহ সমবেত কৰাৰ লক্ষ্য

অহা ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া ঢেকীয়াজুলিৰ সভাত প্ৰায় পাঁচ লাখ লোক সমবেত কৰাৰ লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে । কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে, ঢেকীয়াজুলিৰ জনসংখ্যা প্ৰায় ৩ লাখ । বাকী ২ লাখ মানুহ সভালৈ অনাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপিয়ে ?

ঢেকীয়াজুলিৰ সভাত প্ৰায় পাঁচ লাখ লোক সমবেত কৰাৰ লক্ষ্য বিজেপিৰ
ঢেকীয়াজুলিৰ সভাত প্ৰায় পাঁচ লাখ লোক সমবেত কৰাৰ লক্ষ্য বিজেপিৰ

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: শিৱসাগৰৰ জেৰেঙা পথাৰৰ সভাত ভাগ ল'বলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰকৈ অসন্তুষ্ট হ'বলগীয়া হৈছিল । কিয়নো,৩ লাখ মানুহৰ সমাৱেশ হ'ব বুলি বিজেপিয়ে ব্যাপক প্ৰচাৰ চলোৱা জেৰেঙাৰ এই সভাত গোট খাইছিল প্ৰায় পঞ্চাশ হাজাৰ লোক । যাৰ বাবে অসন্তোষ ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ মাতি নি জেৰেঙাৰ এনে সেৰেঙা উপস্থিতিৰ কাৰণ জানিব খুজিছিল ।

ঢেকীয়াজুলিৰ সভাত প্ৰায় পাঁচ লাখ লোক সমবেত কৰাৰ লক্ষ্য বিজেপিৰ

জনতাৰ সেৰেঙা উপস্থিতিত অসন্তুষ্টি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়েও । সেয়ে,এইবাৰ যাতে ঢেকীয়াজুলিত জেৰেঙাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা সমন্বিতে বিজেপি নেতৃত্ব যুদ্ধংদেহী মনোভাৱেৰে নামি পৰিছে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতক জনোৱা অনুসৰি,অহা ৭ ফেব্ৰুৱাৰীত ঢেকীয়াজুলিত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ সভাত প্ৰায় পাঁচ লাখ লোক সমবেত কৰাৰ লক্ষ্য স্থিৰ কৰিছে গেৰুৱা দলটোৱে । এইক্ষেত্ৰত সকলো দায়িত্ব গ্ৰহণ কৰিছে মন্ত্ৰী ড০ শৰ্মাই । এইক্ষেত্ৰত তেওঁক সহায়ৰ বাবে আছে দুই মন্ত্ৰী ৰঞ্জিৎ দত্ত আৰু পীযুষ হাজৰিকা ।

একেদৰে লগত আছে সাংসদ পল্লৱলোচন দাস আৰু উত্তৰ অসমৰ বিজেপিৰ বিধায়কসকল । কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ঢেকিয়াজুলিৰ জনসংখ্যা প্ৰায় ৩ লাখ । কিন্তু মোদীৰ সমাৱেশত মানুহ গোটোৱাৰ লক্ষ্য লোৱা হৈছে পাঁচ লাখ । গতিকে অতিৰিক্তভাৱে আন আন অঞ্চলৰ পৰাও প্ৰধানমন্ত্ৰীৰ সভালৈ মানুহ অনাৰ ব্যৱস্থা কৰা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি,উত্তৰ অসমৰ লগতে নামনি অসমৰো কেইখনমান জিলাৰ পৰিবহন বিষয়াসকলক গাইপতি কমেও ৩০ খনকৈ বাছৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে ভিতৰুৱাকৈ নিৰ্দেশ দিয়া হৈছে ।

সমান্তৰালভাৱে সৰু গাড়ীৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে । গতিকে স্বাভাৱিকতে এতিয়া হুৱাদুৱা লাগিছে বহু জিলা পৰিবহন বিষয়াৰ মাজত । আনহাতে, বিশ্বনাথ আৱৰ্ত ভৱনত ইতিমধ্যে মন্ত্ৰী ড০ শৰ্মাই পল্লৱলোচন দাস,ৰঞ্জিৎ দত্ত,পীযুষ হাজৰিকা,পদ্ম হাজৰিকা আদিৰ সৈতে আলোচনাত বহি অহা ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সভাৰ পৰ্যালোচনা চলাইছে ।

লগতে পঢ়ক:মৰিগাঁৱত অনুষ্ঠিত হৈছে তৃতীয় অসম ক্ৰিকেট প্ৰিমিয়াৰ লীগ

Last Updated : Feb 4, 2021, 1:03 PM IST

ABOUT THE AUTHOR

...view details