অসম

assam

ETV Bharat / state

মোদীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ উৰিল সোণোৱাল - Sarbananda Sonowal fly to delhi

চলিত মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুবছৰীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ চলিত মাহতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাই যিকেইগৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে সেইসকলৰ ভিতৰত সৰ্বাধিক চৰ্চাত থকা অন্যতম এজন হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

modi-cabinet-will-complete-soon-sarbananda-sonowal-fly-to-delhi
মোদীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ: সোণোৱাল উৰিল দিল্লীলৈ

By

Published : Jun 18, 2021, 9:54 PM IST

গুৱাহাটী,18 জুন: সত্য হোৱাৰ পথত ই টিভি ভাৰতে বৃহস্পতিবাৰে পূৰ্বানুমান কৰি প্ৰকাশ কৰা বাতৰি ৷ বৃহস্পতিবাৰে ই টিভি ভাৰতে তথ্য সহকাৰে এই খবৰ প্ৰকাশ কৰিছিল যে চলিত মাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাটো নিশ্চিত ৷ এই সম্প্ৰসাৰণত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হবলগীয়া সকলৰ ভিতৰত অন্যতম হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ তথা প্ৰাক্তন কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া, ওডিশাৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডাকে ধৰি কেইবা গৰাকীও নেতা ৷ এই খবৰ প্ৰকাশ পোৱাৰ ঠিক এদিন পিছতে শীৰ্ষ নেতৃত্বৰ তলব পাই শুকুৰবাৰে দিল্লী অভিমুখে ৰাওনা হয় সৰ্বানন্দ সোণোৱাল ৷ দিল্লী যাত্ৰাৰ পূৰ্বে তেওঁ গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও এক বৈঠকত মিলিত হয় ৷ বিজেপিৰ এক সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ বিষয়টো আলোচনা কৰিবলৈকে তাৎক্ষনিক ভাবে দলীয় নেতৃত্বই দিল্লীলৈ মাতি পঠিয়াইছে সৰ্বানন্দ সোণোৱালক ৷

দিল্লীমুখী হ'ব নেকি সোণোৱাল !

উল্লেখ্য যে,চলিত মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুবছৰীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে শাসনত বহিলেও এই পৰ্যন্ত প্ৰধানমন্ত্ৰীয়ে সম্প্ৰসাৰণ ঘটোৱা নাই তেওঁৰ মন্ত্ৰীসভা ৷ মনকৰিবলগীয়া যে, দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়েই মোদীয়ে 57 গৰাকী মন্ত্ৰীৰে তেওঁৰ মন্ত্ৰীসভাখন গঠন কৰিছিল ৷ কিন্তু ইতিমধ্যে ইয়াৰে দুগৰাকী মন্ত্ৰীয়ে ইস্তাফা দিয়াৰ লগতে দুগৰাকীৰ মৃত্যু হোৱাত সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আকাৰ হৈছে 53 জনীয়া ৷ ইপিনে চলিত মাহতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাই যিকেইগৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে সেইসকলৰ ভিতৰত সৰ্বাধিক চৰ্চাত থকাসকল হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া মধ্যপ্ৰদেশৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া, বিজু জনতা দল ত্যাগ কৰি বিজেপিলৈ অহা ওড়িশাৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডা আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছ ৷

লগতে পঢ়কঃএই মাহতে হ'ব মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: সাজু সোণোৱাল

ABOUT THE AUTHOR

...view details