নিউজ ডেস্ক, 8 জুলাই : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোডী (Narendra Modi) ৰ কেবিনেট মন্ত্ৰী (Union Cabinet Minister) হিচাপে শপত লয় ৷ সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ক মোডী কেবিনেটত বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰণালয়ৰ দায়িত্ব দিয়া হয় । কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Cabinet Minister)ত শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই দিল্লীত সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ৰ বাসগৃহলৈ গৈ ফুলৰ থোৰাৰে শুভেচ্ছা জনায় ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত এই বিষয়ে এখন ফটো শ্বেয়াৰ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ক কেন্দ্ৰীয় মন্ত্ৰীৰূপে নিয়ুক্তি দিয়াটো অসমৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে । তেওঁ লগতে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ৰ দক্ষতা আৰু অভিজ্ঞতা কেন্দ্ৰীয় চৰকাৰৰ বাবে এক ডাঙৰ সম্পদ বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ আন দুজনে স্থান পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ সদ্য সম্প্ৰসাৰিত নতুন মন্ত্ৰীসভা (Union Cabinet Minister)ত ৷
সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰাৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাব বুলি এক চৰ্চা লাভ কৰিছিল ৷