গুৱাহাটী, 22 মে': লক ডাউনৰ মাজতে ৰাইজলৈ আহিছে এটা ভাল খবৰ ৷ ভাৰতীয় ডাক বিভাগে গুৱাহাটীত আৰম্ভ কৰিছে ভ্ৰাম্যমাণ পোষ্টেল সেৱা ৷ ৰাইজৰ সুবিধাৰ বাবে ঘৰৰ পদূলিতেই চিঠি পত্ৰৰ লগতে বেংকৰ টকা লেনদেনত সহায় হ'ব পৰাকৈ ডাক সেৱাই আগবঢ়াইছে বিশেষ সেৱা ৷ মেঘদূত ভৱনৰ উপ মুখ্য তত্বাৱধায়ক নন্দিতা চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি ৰাইজৰ সুবিধাৰ বাবে 15 মে' ৰ পৰা আগবঢ়োৱা হৈছে এই সেৱা ৷ মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যেই এই সেৱা সফলতাৰে আগবঢ়াই আছে ডাক বিভাগে ৷
গুৱাহাটীত আৰম্ভ ভ্ৰাম্যমাণ পোষ্টেল সেৱা - এতিয়াৰে পোষ্ট অফিচলৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ চৌহদতে সকলো সেৱা লাভ কৰিব গ্ৰাহকে
ৰাইজৰ সুবিধাৰ বাবে ঘৰৰ পদূলিতেই চিঠি পত্ৰৰ লগতে বেংকৰ টকা লেনদেনত সহায় হ'ব পৰাকৈ ডাক সেৱাই আগবঢ়াইছে বিশেষ সেৱা ৷

গুৱাহাটীত আৰম্ভ ভ্ৰাম্যমাণ পোষ্টেল সেৱা
গুৱাহাটীত আৰম্ভ ভ্ৰাম্যমাণ পোষ্টেল সেৱা
উল্লেখ্য যে, এতিয়াৰে পোষ্ট অফিচলৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ চৌহদতে সকলো সেৱা লাভ কৰিব গ্ৰাহকে ৷ বেংকৰ একাউণ্ট খোলা, ধন লেনদেন আদি সকলো সেৱা উপলব্ধ হ'ব এই মোবাইল পোষ্টেল সেৱাত ৷ তাৰোপৰি এতিয়াৰে পৰা আধাৰ কাৰ্ড লিংক থকা যিকোনো বেংকৰ গ্ৰাহকে ধন উলিয়ালৈ যাব নালাগে বেংক অথবা এটিএমলৈ ৷ আনহাতে এই সেৱাৰ বাবে সাধাৰণ ৰাইজৰ উপকৃত হব বুলি উল্লেখ কৰি ভাৰতীয় ডাক বিভাগৰ এইয়া আদৰণীয় পদক্ষেপ বুলি জনালে সাধাৰণ জনতাই ৷
লগতে পঢ়কঃ নগাঁৱত পকী দলঙৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ