গুৱাহাটী, ১২ অক্টোবৰ:জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলত ৰূপায়ণ হৈ থকা জল জীৱন মিছন আঁচনিৰ এটা থিম ছং( Theme song),এখন পুস্তিকা আৰু এটা ম'বাইল এপ মুকলি (Mobile app Of Jal Jivan Mission launched)কৰা হয় । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত(Srimanta Sankaradeva Kalakshetra) বুধবাৰে অনুষ্ঠিত এক অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জল জীৱন মিছনৰ (Minister Jayanta Malla Barua launched mobila aap) এই থিম ছং,পুস্তিকা আৰু ম'বাইল এপটো মুকলি কৰে ।
উক্ত অনুষ্ঠানটোৰ আৰম্ভণিতে জল জীৱন মিছন,অসমৰ সঞ্চালক কৈলাশ কাৰ্তিকে আদৰণি ভাষণ আগবঢ়ায় । অনুষ্ঠানটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে জল জীৱন মিছন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন । এই আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব ।
তেওঁ কয় যে অসমত ইতিমধ্যে ২৫ লাখ বাসগৃহত জল জীৱনৰ পানীৰ পাইপ সংযোগ কৰি পানী যোগানৰ ব্যৱস্থা কৰা হৈছে । আকৌ ৪১ লাখ বাসগৃহত পানী যোগানৰ সংযোগৰ কাম আৰম্ভ কৰা বুলিও তেওঁ কয় । আত্মসহায়ক গোটে প্ৰতি ঘৰলৈ গৈ পানীৰ বিশুদ্ধতাৰ ওপৰত এই ম'বাইল এপৰ জৰিয়তে পৰীক্ষা কৰিব । আত্মসহায়ক গোটক পৰিকল্পনা কৰিবলৈ চৰকাৰে ম'বাইল কীট যোগান ধৰিব ।
জল জীৱনৰ জৰিয়তে দৈনিক ৫৫ লিটাৰ পানী যোগান তেওঁ পুনৰ কয় যে প্ৰতিঘৰত তিনিটাকৈ পৰীক্ষা কৰিলে ৬০ টকা পাব আত্মসহায়ক গোটে । অসমৰ জল জীৱন মিছনক জন আন্দোলনলৈ লৈ যাব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । এইক্ষেত্ৰত অসমৰ জনসাধাৰণ বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজে এই জল জীৱন মিছনক নিজৰ সম্পত্তি বুলি ভাবিব লাগিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।
ইপিনে,প্ৰতিবাদ কৰা জলমিত্ৰসকলক কামৰ পৰা আঁতৰাই দিয়া হ'ব বুলি ধমক দিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । এই আঁচনিৰ জলমিত্ৰই চাকৰি নিয়মীয়াকৰণৰ কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে জলমিত্ৰসকলে (Jalmitra of JJM)আগতে কাম নকৰাকৈ আছিল । এতিয়াৰ পৰা জলমিত্ৰসকলে কাম কৰি জলজীৱন মিছন সফল কৰিব লাগিব । তাৰ বিনিময়ত ৬,৫০০ টকা দিবলৈ নিৰ্ধাৰণ কৰা হৈছে । কিন্তু প্ৰথম দিনাৰ পৰাই প্ৰতিবাদত নামিলে সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে আন্দোলন কৰিলে তাৰ পৰিৱৰ্তে বেলেগ মানুহক নিয়োগ কৰা হ'ব ।
মন্ত্ৰীগৰাকীয়ে কয় যে গাঁৱত অপৰিশোধিত পানী খায় মানুহৰ বেমাৰ হয় । তাৰ তুলনাত জল জীৱন মিছনৰ বিশুদ্ধ পানীৰ বাবে ১০০-২০০ টকা ৰাইজৰ পৰা ললে একো লোকচান নাই বুলি কৈ জয়ন্ত মল্ল বৰুৱাই জল জীৱন মিছনৰ পানী পোৱা লোকৰ পৰা মাচুল সংগ্ৰহৰ আহ্বান জনায় । তেওঁ কয় যে জল জীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ মানুহক দৈনিক ৫৫ লিটাৰ পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক:MP Pabitra Margherita: অখিল গগৈয়ে অৰ্কিড উদ্যানৰ মাটিৰ কিস্তি দিয়া নাই !