গুৱাহাটী,29 এপ্ৰিলঃ সোমবাৰে মহানগৰীৰ মন্ত্ৰী আৱাসগৃহত মন্ত্ৰী ভৱেশ কলিতাৰ সংবাদমেল । এ.পি.ডব্লিউ ৰ অধ্যক্ষ অভিজিৎ শৰ্মাই অনা অভিযোগ ভিত্তিহীন বুলি সংবাদমেলযোগে প্ৰকাশ মন্ত্ৰী ভৱেশ কলিতাৰ ৷
অভিজিত শৰ্মাক উভতি ধৰিলে মন্ত্ৰী ভৱেশ কলিতাই
এ.পি.ডব্লিউ ৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ অভিযোগ খণ্ডন কৰি সংবাদমেল সম্বোধন মন্ত্ৰী ভৱেশ কলিতাৰ
সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে জনাই যে, "জালুকবাৰীৰ তিনিটা প্ৰকল্পত কেলেংকাৰী সংঘটিত হোৱা বুলি কৰা অভিযোগ সম্পূৰ্ণ মিছা । ২০১৪-১৫ ত অনুমোদিত হৈছিল এই প্ৰকল্প কিন্তু এই বিত্তীয় বৰ্ষতহে টকা মুকলি কৰা হৈছে । বৰ্তমান কেন্দ্ৰয়ে ৯০ কোটি টকা আৱণ্টন দিছে যদিও অধিসূচনা থকাৰ বাবে ধন মোকলাই দিব পৰা হোৱা নাই ।" আনহাতে মন্ত্ৰী গৰাকীৰ প্ৰত্যাহ্বান ,"মই যদি দুৰ্নীতি কৰিছোঁ প্ৰমাণ কৰক মই ফুলাম গামোচা পিন্ধাম ৰাজহুৱা স্থানত এ.পি.ডব্লিউৰ সভাপতিক" । লগতে মিছা অভিযোগ উত্থাপন কৰাৰ বাবে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰো তৰিব বুলি জনাই মন্ত্ৰী গৰাকীয়ে ।