গুৱাহাটী,১৬ আগষ্ট:বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰাৰ পিছতে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত কঁপনিৰ সৃষ্টি হৈছে । এই ঘটনাৰ সৈতে জড়িত নাম সাঙোৰ খাই পৰিছে বহু BJP নেতা-পালিনেতাৰ । নাম সাঙোৰ খাইছে জ্যেষ্ঠ BJP নেতা তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো । পূব গুৱাহাটী সমষ্টিৰ বিধায়কগৰাকীৰ ম'বাইললৈ অহা নেত্ৰীগৰাকীৰ এখন আপত্তিজনক ফটোক কেন্দ্ৰ কৰি সাঙোৰ খাইছে বিধায়কগৰাকীৰ নাম ।
ইন্দ্ৰানী তহবিলদাৰ, ৰিয়া মাজনী নামৰ এগৰাকী বিজেপি কৰ্মী আৰু SI কেলেংকাৰীত অভিযুক্ত দ্বিবন ডেকাৰ টেলিফ'নিক বাৰ্তালাপে আউল লগাইছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৰাজনৈতিক ভাৱমূৰ্তিত । ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্য়াৰ প্ৰসংগক কেন্দ্ৰ কৰি বুধবাৰে বাজপেয়ী ভৱনত ৮ টাকৈ মৰ্চাৰ অনুশাসনমূলক এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিবলৈ বাধ্য হয় ৰাজ্যিক BJP । বুধবাৰে বাজপেয়ী ভৱনত দেখা গ'ল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকো । সাক্ষাৎ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক ।
সাক্ষাতৰ পাছতেই ভট্টাচাৰ্যই ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি বিস্ফোৰণ ঘটালে সংবাদমাধ্যমৰ সন্মুখত । বিধায়কগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, তেওঁৰ মূৰত কঁঠাল ভঙাৰ চেষ্টা চলোৱা হৈছে । এয়া যে এক পৰিকল্পিত অডিঅ' সেয়া অডিঅ' ক্লিপটো ভালকৈ শুনিলেই বুজিব পৰা যায় । নিজৰ আত্মসন্মানত আঘাত লগা বুলি উল্লেখ কৰি তেওঁ কয় যে, কেইদিনমান পূৰ্বে দললৈ অহা পাবত গজা নেতাই এনেবোৰ কাম কৰিছে ।
লগতে তেওঁ নাম প্ৰকাশ নকৰাকৈয়ে ৰিয়া মাজনীৰ প্ৰসংগত কয়, এগৰাকী মহিলাই এই অভিযোগ আনিছে । সেইগৰাকী মহিলাক বিচাৰি আনি ব্যৱস্থা লওক । এসময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে যিগৰাকী মহিলাই মুণ্ডন কৰিছিল সেই মহিলাগৰাকীয়ে এনে কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই । ইয়াৰোপৰি বিধায়ক ভট্টাচাৰ্যই কয় যে, বৰ্তমান সময়ত দলটোলৈ এনে একাংশ মানুহ আহিছে যিসকলে দলৰ সা-সন্মান সকলো শেষ কৰিছে ।
এইখন চৰকাৰৰ দিনত এটকা নিদিয়াকৈ চাকৰি হৈছে, কিন্তু তেওঁলোকে টকা তুলি বিপদত পৰিল, প্ৰেচাৰত পৰিল বুলি কয় ভট্টাচাৰ্যই । দলৰ সভাপতি হৈ থকাৰ সময়ত ভবেশ কলিতা, দ্বীপলু ৰঞ্জন, পুলক গোহাঁই ইত্যাদি লোকসকলক BJP লৈ আনিছিলো । এতিয়া দলে তেওঁক দীৰ্ঘদিন ধৰি কোনো বিশেষ দায়িত্ব নিদিয়া বুলিও মন্তব্য কৰি এই ক্ষেত্ৰত তেওঁৰ কোনো আক্ষেপ নাই বুলি স্পষ্ট কৰে ।