গুৱাহাটী, 4 অক্টোবৰ :অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হ’ল কংগ্ৰেছৰ বাবে নতুন "আপদ" ৰূপে দেখা দিয়া বহুবল্কী বিধায়ক শ্বেৰমান আলীক ৷ সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক নিৰ্দেশযোগে শ্বেৰমান আলীক নিলম্বন কৰাৰ কথা ঘোষণা কৰে ৷
অৱশ্যে কিমান দিনৰ বাবে বিধায়কগৰাকীক দলৰ পৰা নিলম্বন কৰা হৈছে সেই সন্দৰ্ভত নিৰ্দেশনা পত্ৰত কোনো উল্লেখ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ উল্লেখ্য যে, শ্বহীদ সন্দৰ্ভত অবাঞ্চিত মন্তব্য কৰা শ্বেৰমান আলী আহমেদলৈ তিনি দিনৰ সময়সীমা ধাৰ্য কৰি প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৷