গুৱাহাটী, ১১ ছেপ্টেম্বৰ:বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক ঘূৰাই দিয়া হ’ব PSO । সোমবাৰে অসম বিধানসভাত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শৰ্মাই । উল্লেখ্য যে, যোৱা পাঁচমাহ ধৰি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ দেহৰক্ষী প্ৰত্যাহাৰ হৈ আছে । বাঘবৰৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদ বিগত ১৭ মে’ত সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিবলৈ সমষ্টিলৈ গৈছিল । সেই অনুষ্ঠানতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
বিধায়কজনে নিজৰ দেহৰক্ষী জোৱানক অন কেমেৰা মণ্ডল কংগ্ৰেছৰ সভাপতিগৰাকীক গুলীয়াবলৈ নিৰ্দেশ দিছিল । কিন্তু অসম আৰক্ষীয়ে বিষয়টো হস্তক্ষেপ কৰি পিচত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছিল । এই সন্দৰ্ভত সোমবাৰে বিধানসভাৰ মজিয়াত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰশ্ন তুলি কয়, "মোৰ দেহৰক্ষী প্ৰত্যাহাৰ হৈ আছে । এজন বিধায়ক হিচাপে আৰু ৰাজনৈতিক নেতা হোৱাৰ বাবে মোৰ জীৱনৰ প্ৰতি ভাবুকি আহি থাকে । যাৰ বাবে মোৰ নিৰাপত্তাৰ প্ৰয়োজন । কিন্তু যোৱা পাঁচমাহে মোৰ দেহৰক্ষী প্ৰত্যাহাৰ হৈ আছে ।"