গুৱাহাটী, 5 এপ্ৰিল : বিতৰ্কিত মন্তব্যৰ বাবে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাচত বুধবাৰে পুনৰ মুখ খুলিলে বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । উল্লেখ্য যে এন চি ই আৰ টিয়ে পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাসৰ পাঠ্যক্ৰম আঁতৰ কৰা কাৰ্যক সমৰ্থন কৰিবলৈ গৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুটুবমিনাৰ ভাঙি তাত মন্দিৰ নিৰ্মাণৰ পোষকতা কৰিছিল । বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই বক্তব্যক বিৰোধীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কেইবাগৰাকীও বিধায়কে বিধায়ক কুৰ্মীক পাগল আখ্যা দিয়ে (Mughal empire NCERT syllabus controversy)।
বুধবাৰে বিধানসভা চৌহদত বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘মই হাফ পাগলো নহয় আৰু ফুল পাগলো নহয় । কিন্তু মোক পাগল বুলি কোৱাসকল আচলতে চেৰা পাগল । মই ফুল পাগল নহয় বাবে খেলত বেষ্ট ফিল্ডাৰ পাইছোঁ।’’ তেওঁ লগতে কয় যে, তেওঁক সমালোচনা কৰাসকল মিঞাৰ সমৰ্থক । তাজমহল প্ৰসংগত মন্তব্য আগবঢ়াবলৈ গৈ তেওঁ কয় যে ছাহজাহানে ভাৰতৰ ৰজাসকলৰ ধন-সম্পদ চুৰি-ডকাইতি কৰি তাজমহল নিৰ্মাণ কৰিছিল (MLA kurmi commented on Mughal history) ।