গুৱাহাটী, ২৬ এপ্ৰিল: ‘‘নিৰ্বাচনত পৰাজয়ে কষ্ট দিয়ে । নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে কষ্ট পায় বিপৰ্যয় হ’লে । বিপৰ্যয়ে মানসিক শাস্তিত ভোগায় ৷’’ এই মন্তব্য কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ । মঙলবাৰে সংবাদমাধ্যত তেওঁ কয় যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে যি ফলাফল লাভ কৰিলে তাৰ পৰা কংগ্ৰেছে শিকিবলগীয়া আছে (Rekibuddin Ahmed on GMC election 2022)। দলৰ মাজত আমাৰ দোষ-গুণ আলোচনা কৰি দলটো শক্তিশালী কৰিব লাগিব ।
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত হাৰিলো বুলিয়েই কংগ্ৰছ শেষ হৈ যাব বুলি ভাবিব নালাগে বুলি মন্তব্য ৰেকিবুদ্দিন আহমেদৰ । লগতে তেওঁ কয়, পৌৰ নিগমৰ নিৰ্বাচনত হাৰিলো বুলিয়ে পঞ্চায়ত নিৰ্বাচন, লোকসভা, বিধানসভা নিৰ্বাচনত হাৰিম বুলি ভাবিব নালাগে । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱা স্থানত কোনো সাংসদ নাইবা বিধায়ক নাই কংগ্ৰেছৰ । আপ কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হ’ব নে নাই সেয়া সময়েহে ক’ব বুলি মন্তব্য কৰে কংগ্ৰেছ বিধায়কগৰাকীয়ে ।