অসম

assam

ETV Bharat / state

লাডাখ সীমান্ত বিবাদত নিহত 20 গৰাকী ভাৰতীয় ছহিদকলৈ মৰ্মাহত চৰকাৰ - ভাৰ্চুৱেল ৰেলী

ৰাজ্যিক বিজেপিয়ে জন সম্বোধন শীৰ্ষক এক ভাৰ্চুৱেল ৰেলী বাতিল কৰা বুলি জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে ।

Ranjit das
ৰণজিৎ দাস

By

Published : Jun 18, 2020, 8:22 PM IST

গুৱাহাটী, 18 জুন : লাডাখ সীমান্তৰ বিবাদত নিহত হোৱা ভাৰতৰ ২০ জনকৈ সেনা জোৱানৰ মৃত্যুত মৰ্মাহত চৰকাৰ । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাই দুদিনৰ বাবে সকলো ৰাজনৈতিক কাম কাজ বাতিল কৰিবলৈ আহ্বান জনাই ৷ লগে লগে ৰাজ্যিক বিজেপিয়ে জন সম্বোধন শীৰ্ষক এক ভাৰ্চুৱেল ৰেলী বাতিল কৰা বুলি জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া ভাৰ্চুৱেল ৰেলী বাতিল কৰাৰ লগতে ৰণজিৎ দাসে কয় যে লাডাখ উপত্যকাত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই দুদিনৰ কাৰণে দলৰ সকলো ৰাজনৈতিক কাম কাজ স্থগিত ৰখা হৈছে। উল্লেখযোগ্য যে এই ভাৰ্চুৱেল ৰেলীৰ লগতে জনসম্পৰ্ক অভিযান স্থগিত ৰখা হব বুলিও জানিবলৈ দিলে সভাপতিগৰাকীয়ে। লগতে ৰণজিৎ দাসে জানিবলৈ দিয়া অনুসৰি ২০ জুনৰ পৰা পুনৰ বিজেপিৰ জনসম্পৰ্ক অভিযান আৰম্ভ হ'ব ।

ৰণজিৎ দাস

ABOUT THE AUTHOR

...view details