অসম

assam

By

Published : May 26, 2020, 5:24 PM IST

ETV Bharat / state

আগন্তুক 7 দিন প্ৰত্যাহ্বানৰ দিন হ'বঃ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

বিমানবন্দৰ পৰিদৰ্শন কৰি যাত্ৰীসকলৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক পৰীক্ষা কৰাৰ পিছতে বিভিন্ন হোটেলত থকা কোৱাৰেন্টাইন কেন্দ্ৰলৈ লৈ যোৱা হ'ব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷

MLA Ramendra Narayan Kalita
আগন্তুক 7 দিন প্ৰত্যাহ্বানৰ দিন হ'বঃ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

গুৱাহাটী, 26মে': দীৰ্ঘদিনৰ বিৰতিৰ অন্তত 25 মে'ৰ পৰা পুনৰ ঘৰুৱা বিমানসেৱা আৰম্ভ হোৱাৰ পিছতে আজি দ্বিতীয় দিনাও অব্যাহত আছে বিমান সেৱা ৷ গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি 12 খনকৈ বিমান অৱতৰণ কৰিব ৷ এই 12 খনকৈ বিমানত আহিব প্ৰায় 1000 যাত্ৰী ৷

আগন্তুক 7 দিন প্ৰত্যাহ্বানৰ দিন হ'বঃ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

এই কথা জনালে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ আজি বিমানবন্দৰ পৰিদৰ্শন কৰি যাত্ৰীসকলৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক স্ক্ৰীণিংচেণ্টাৰত পৰীক্ষা কৰাৰ পিছতে বিভিন্ন হোটেলত থকা কোৱাৰেন্টাইন কেন্দ্ৰলৈ লৈ যোৱা হ'ব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷ আনহাতে, আগন্তুক 7 দিন প্ৰত্যাহ্বানৰ দিন হ'ব বুলি মতপোষণ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়কঃকৰ'ণাৰ বিৰুদ্ধে হৰিনামেৰে সজাগতা সৃষ্টি এটি কণমানি কিশোৰৰ

ABOUT THE AUTHOR

...view details