অসম

assam

ETV Bharat / state

সমষ্টিৰ বান-খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ - water resource department

মঙলবাৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(RAMENDRA NARAYAN KALITA)ই পশ্চিম গুৱাহাটী সমষ্টিত জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ সংযোগী খানাজানৰ খহনীয়া প্ৰতিৰোধৰ কামৰ অগ্ৰগতিৰ বুজ লয় । বিধায়কগৰাকীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমানক আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে ।

MLA Ramendra Narayan Kalita visited flood affected area
পশ্চিম গুৱাহাটীৰ খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

By

Published : Jun 22, 2021, 6:00 PM IST

গুৱাহাটী, ২২ জুন: সম্ভাব্য বান(Flood) আৰু খহনীয়া(Erosion)ৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম গুৱাহাটী(GUWAHATI WEST)ৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(RAMENDRA NARAYAN KALITA)ই । মঙলবাৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ গ্ৰামাঞ্চলৰ বিশেষকৈ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বান আৰু খহনীয়া প্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা, জলসম্পদ বিভাগ(Water resource department)ৰ পূৱ গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমান, সহকাৰী কার্যবাহী অভিযন্তা প্ৰণৱ চেতিয়া, সহকাৰী অভিযন্তা নৰেন মালী উপস্থিত থাকে ।

পশ্চিম গুৱাহাটীৰ খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

লগতে উপস্থিত থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটীৰ সদস্য সুভাষ শৰ্মা । আনহাতে, বিধায়ক কলিতাই প্রথমতে খানামুখৰ কেহেৰুবাৰীত উপস্থিত হৈ জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ সংযোগী খানাজানৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বুজ লয় । বিধায়কগৰাকীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমানক আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে ।

পশ্চিম গুৱাহাটীৰ খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

তাৰ পাছত বিধায়ক কলিতাই বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ কাষৰীয়া ধাৰাপুৰ, গড়ল, ভট্টাপাৰা, কেন্দুকুছি, আজাৰাৰ পদ্মালেক, এছ অ' এছ ৰোড, মিৰ্জাপুৰ আদি অঞ্চল পৰিদৰ্শন কৰি পানী প্ৰৱহন, পানী নিষ্কাশন আদি ব্যৱস্থাৰ বুজ লয় । বিধায়ক কলিতাই বিষয়া-অভিযন্তাসকলক বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ থকাৰ বাবে আহ্বান জনায় ।

লগতে তাৎক্ষণিকভাৱে ৰাইজক স্বাভাৱিক আৰু কৃত্ৰিম দুয়োবিধ বানৰ পৰা ৰক্ষা কৰিবৰ বাবে দীৰ্ঘম্যাদী আৰু হস্ৰম্যাদী আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা দিয়ে । আনহাতে, কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমানে বিধায়কগৰাকীক জলসম্পদ বিভাগে সমষ্টিটোত ব্ৰহ্মপুত্ৰ আৰু খানাজানত খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগে কি কি আঁচনি গ্ৰহণ কৰিছে আৰু আগন্তুক দিনত কি আঁচনি গ্ৰহণ কৰিব তাৰ বিতং ৰূপৰেখা দাঙি ধৰে । ইফালে, বিধায়কগৰাকীয়ে ৰাণী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চলি থকা উন্নয়নমূলক আঁচনিসমূহৰ পৰ্যালোচনা কৰে ।

লগতে পঢ়ক:শ্বেয়াৰ বজাৰত উজলিছে বন্ধন বেংক

ABOUT THE AUTHOR

...view details