গুৱাহাটী, ৬ জুলাই:ভয়াৱহ বানৰ কবলত পৰা ৰাইজক সাহায্য প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । এই অভিযোগ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ (Congress leader Rakibul Hussain)। ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক ৰকিবুল হুছেইনে চৰকাৰৰ বান সাহায্যক লৈ সৰৱ হৈ পৰে ।
তেওঁ কয় যে ৰাজ্যৰ গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয় । বানৰ সময়ত আগতে যিদৰে সাহায্য পাইছিল, বৰ্তমান তেনেদৰে সাহায্য পোৱা নাই বানাক্ৰান্ত ৰাইজে । তেও কয় যে বানৰ সময়ত মুখ্যমন্ত্ৰীয়ে এটা পেকেজ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিব বুলি আশা কৰিছিলোঁ ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বানত সাহায্য দিব পৰা টকা চৰকাৰৰ হাতত আছে । যদি ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন আছে তেন্তে কিয় চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋন ল’ব ওলাইছে বুলি প্ৰশ্ন কৰে বিধায়ক হুছেইনে ।
প্ৰকৃততে কেন্দ্ৰৰ ওচৰত বান সাহায্য বিচৰাৰ সাহস মুখ্যমন্ত্ৰীৰ নাই বুলি তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় নেতৃত্বক ভাল লগাবলৈ কেন্দ্ৰৰ সাহায্য নালাগে বুলি কৈছে বুলি মন্তব্য কৰে হুছেইনে । তেওঁ লগতে কয় যে চৰকাৰৰ মূৰত এক লাখ দহ হাজাৰ কোটি টকাৰ ঋনৰ বোজা ইতিমধ্যেই আছে । পুনৰ ঋণ ল'ব বিচাৰিছে । ইফালে বানৰ এনে দুৰ্যোগৰ সময়ত জলপান, গাখীৰ, কেঁচা চাহপাত আদিত ৫ শতাংশ জি এছ টি লগাব বিচাৰিছে ।
আনহাতে চাইকেলৰ পাম্প, পানীৰ পাম্প আদিতো ১৮ শতাংশলৈ জি এছ টি লগাইছে । চৰকাৰে প্ৰয়োজনীয় ১৩৯৯ বিধ সামগ্ৰীত কৰ আৰোপ কৰিছে । বানত ককবকাই থকা ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিয়া হৈছে । তেওঁ লগতে কয় যে ২৪ ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰৰ দিনত মঙলবাৰে নগাঁও চহৰত ৫৮ বাৰ বিদ্যুৎ কৰ্তন কৰা হৈছে । এয়া হৈছে বিজেপি চৰকাৰৰ কথা আৰু কামৰ নমুনা ।