গুৱাহাটী, ২৮ জুলাই: "ভূপেন বৰাক মই ধিক্কাৰ দিছো । তেখেত ক্ষমাৰ যোগ্য নহয় । নাটক কৰি ককাদেউতাকে সপোনত কিবা কোৱা বুলি নাটক কৰিছে । ককাদেউতাকে সপোন কিবা কৈছে যদি কৈছে ভূপেন বৰা তই অধম । জাতি-ধৰ্মক ধ্বংস কৰিছ । তুষ্টিকৰণৰ ৰাজনীতি কৰি কৰি ভগৱান কৃষ্ণক জেহাদী সজালি । ক্ষমা নাই বুলি ককাকে কৈছে ৷ মোৰ দৃঢ় বিশ্বাস"- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ।
লাভ জিহাদ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ভূপেন বৰাই যি কথা কৈছে এই পাপৰ কোনো ক্ষমা নাই । জেহাদী শব্দটো হৈছে যিয়ে হিন্দু মানুহক, পৃথিৱীখনক অত্যাচাৰ কৰে, বোমা দি ধ্বংস কৰিব বিচাৰে তাৰ পৰাই জেহাদ শব্দ সৃষ্টি হয় । ভগৱান শ্ৰী কৃষ্ণক জেহাদৰ লগত তুলনা কৰিছে ধৃতৰাষ্ট্ৰক জেহাদৰ লগত তুলনা কৰিছে । ভূপেন বৰাৰ এই কথাক পৃথিৱী, ভাৰতবৰ্ষ আৰু হিন্দু সমাজে মনত ৰাখিব । প্ৰতিদিনে গৰিহণা দিব ।