অসম

assam

ETV Bharat / state

বিধানসভালৈ ৪৬ খন নতুন মুখ: ১৮ জনেই বিজেপিৰ - বিধানসভালৈ ৪৬ খন নতুন মুখ

অসম বিধানসভালৈ এইবাৰ আগমন ঘটিছে ৪৬ খন নতুন মুখৰ । প্ৰথমবাৰলৈ বিধায়ক হিচাপে জয়ী হৈ অহা নৱনিৰ্বাচিত এই ৪৬ গৰাকী বিধায়কৰ ১৮ গৰাকীয়েই হৈছে বিজেপিৰ । কংগ্ৰেছৰ পৰা বিজয়ী হৈ আহিছে ১১ গৰাকী নতুন মুখৰ বিধায়ক । নিৰ্বাচিত হৈ আহিছে অগপৰ দুগৰাকী নতুন মুখৰ বিধায়ক । ৰাইজৰ দল আৰু চি পি এমৰ এগৰাকীকৈ বিধায়ক এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে । ইউ পি পি এলৰ ছয়গৰাকী জনপ্ৰতিনিধি আৰু এ আই ইউ ডি এফৰ পৰা আহিছে ৭ গৰাকী নতুন মুখৰ বিধায়ক ।

new face for Assam assembly
বিধানসভালৈ ৪৬ খন নতুন মুখ

By

Published : May 5, 2021, 2:24 PM IST

গুৱাহাটী, ৫ মে':১২৬ জনীয়া অসম বিধানসভালৈ এইবাৰ আগমন ঘটিছে ৪৬ খন নতুন মুখৰ । কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ, ইউ পি পি এল, চি পি এম আৰু ৰাইজৰ দলৰ যিসকল জনপ্ৰতিনিধি এইবাৰ নিৰ্বাচিত হৈ আহিছে সেইসকলৰ বহুতেই প্ৰথমবাৰৰ বাবে ভৰি দিব বিধানসভাৰ মজিয়াত ।

মনকৰিবলগীয়া যে প্ৰথমবাৰলৈ বিধায়ক হিচাপে জয়ী হৈ অহা নৱনিৰ্বাচিত এই ৪৬ গৰাকী বিধায়কৰ ১৮ গৰাকীয়েই হৈছে বিজেপিৰ । বিজেপিৰ নতুন মুখৰ এই ১৮ গৰাকী বিধায়ক হ'ল ক্ৰমে সৰুপথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকন,

বিহপুৰীয়াৰ ডঃ অমিয় কুমাৰ ভূঞা

লখিমপুৰৰ মানৱ ডেকা

সোণাৰিৰ ধৰ্মেশ্বৰ কোৱৰ,

নাহৰকটীয়াৰ তৰংগ গগৈ

শিলচৰৰ দ্বৈপায়ন চক্ৰৱৰ্তী

লক্ষীপুৰৰ কৌশিক ৰায়

ডুমডুমাৰ ৰূপেশ গোৱালা,

ছিপাঝাৰৰ পৰমানন্দ ৰাজবংশী

বঢ়মপুৰৰ জিতু গোস্বামী

হাওৰাঘাটৰ দৰছিং ৰংপি

হাফলঙৰ নন্দিতা গাৰ্লোচা

বৈঠালাংছ'ৰ ৰূপছিং টেৰণ

বিজনীৰ অজয় কুমাৰ ৰয়

হোজাইৰ ৰামকৃষ্ণ ঘোষ

পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া

ৰঙাপাৰাৰ কমলকৃষ্ণ তাতী

কমলপুৰৰ দিগন্ত কলিতা

আনহাতে কংগ্ৰেছৰ পৰা বিজয়ী হৈ আহিছে ১১ গৰাকী নতুন মুখৰ বিধায়ক । বিধানসভাৰ মজিয়া গৰকিবলৈ ওলোৱা কংগ্ৰেছৰ এই ১১ গৰাকী নতুন মুখৰ জনপ্ৰতিনিধি হ'ল ক্ৰমে-

দক্ষিণ অভয়াপুৰী সমষ্টিৰ প্ৰদীপ সৰকাৰ

বটদ্ৰবাৰ শিৱামণি বৰা

কাটিগড়াৰ খলিলুদ্দিন মজুমদাৰ

গোলকগঞ্জৰ আব্দুছ ছাবহান আলী সৰকাৰ

বৰক্ষেত্ৰীৰ দিগন্ত বৰ্মন

লাহৰিঘাটৰ ডাঃ আছিফ মেহম্মুদ নাজাৰ

বৰপেটাৰ আব্দুৰ ৰহিম আহমেদ

ৰহাৰ শশীকান্ত দাস

উত্তৰ অভয়াপুৰীৰ আব্দুল বাতেন খণ্ডকাৰ

তিতাবৰৰ ভাস্কৰজ্যোতি বৰুৱা

দুধনৈৰ যাদৱ স্বৰ্গীয়াৰী

একেদৰে, বিধানসভালৈ এইবাৰ নিৰ্বাচিত হৈ আহিছে অগপৰ দুগৰাকী নতুন মুখৰ বিধায়ক তেওঁলোক হ'ল-

তেজপুৰ সমষ্টিৰ পৃথ্বীৰাজ ৰাভা

চাবুৱাৰ পোণাকন বৰুৱা

ৰাইজৰ দল আৰু চি পি এমৰ এগৰাকীকৈ বিধায়ক এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে । দুয়োজনেই প্ৰথমবাৰৰ বাবে ভৰি দিব বিধানসভাত । তেওঁলোক হ'ল-

শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ অখিল গগৈ

সৰভোগ সমষ্টিৰ পৰা চি পি এমৰ মনোৰঞ্জন তালুকদাৰ

আনহাতে বিধায়ক হিচাপে প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে ইউ পি পি এলৰ ছয়গৰাকী জনপ্ৰতিনিধি । তেওঁলোক হ'ল-

পূৱ কোকৰাঝাৰ সমষ্টিৰ ল'ৰেঞ্চ ইছলাৰী

চিদলীৰ জয়ন্ত বসুমতাৰী

ওদালগুৰিৰ গোবিন্দ বসুমতাৰী

তামুলপুৰৰ লেহুৰাম বড়ো

বৰমাৰ ভূপেন বড়ো

ছাপাগুৰিৰ উৰ্খাওগৌৰা ব্ৰহ্ম

তেনেদৰে বিধানসভালৈ এইবাৰ আহিছে এ আই ইউ ডি এফৰ ৭ গৰাকী নতুন মুখৰ বিধায়ক ক্ৰমে-

মানকাচৰ সমষ্টিৰ আমিনুল ইছলাম,

পূৱ বিলাসীপাৰাৰ চামছুল হুদা

সোণাইৰ কৰিমুদ্দিন বৰভূঞা

ভৱানীপুৰৰ ফণী তালুকদাৰ

চেঙাৰ আশ্ৰাফুল হুছেইন

দলগাঁৱৰ মজিবুৰ ৰহমান

হাইলাকান্দিৰ জাকিৰ হুছেইন লস্কৰ

লগতে পঢ়ক:ৰাজ্যত উপলব্ধ হ’ল 18-44 বছৰৰ লোকৰ বাবে কৰ’ণা ভেকচিন

ABOUT THE AUTHOR

...view details