গুৱাহাটী, ৯ মে': মঙলবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar PC) । সংবাদমেলত তীক্ষ্ণ সমালোচনাৰে থকা-সৰকা কৰে চৰকাৰক । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৫১ হাজাৰ পদত নিযুক্তি দিয়াৰ কথা কৈ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰে বিধায়ক তালুকদাৰে (MLA Manoranjan Talukdar on assam govt recruitment) ।
তেওঁ কয় যে, শেহতীয়াকৈ ৫১ হাজাৰ পদত নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বিভাগ বিতৰণত এগৰাকী প্ৰাৰ্থী বহু পদত নিৰ্বাচিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । তদুপৰি চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি বাবে ঘোষণা ফলাফলত উত্তীৰ্ণ হৈছে আদি তথ্য ঘোষণা নকৰাৰ বাবেই স্বচ্ছতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অ'ভাৰ লেপিঙৰ সমস্যাটো উৰুৱাই দিব বিচাৰিছে কিন্তু ৫১ হাজাত পদৰ কেৱল প্ৰায় ২৫ হাজাৰ মানহে পদ পূৰণ হ'ব বুলি উল্লেখ কৰি তালুকদাৰে কয় যে, ইয়াৰ বাবে চৰকাৰ জগৰীয়া (Overlapping in Assam recruitment) । কেৱল বাহ বাহ লোৱাৰ স্বাৰ্থতে এই সূক্ষ্ম অথচ গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰে মনোনিৱেশ নকৰিলে আৰু যুৱক-যুৱতীসকলে দুৰ্ভোগ ভুগিব লগাত পৰিছে ।