গুৱাহাটী, ১১ আগষ্ট: পুনৰ জনতা ভৱনৰ চৌহদত প্ৰতিবাদ বহিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ। এইবাৰ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি দেৱাল দি ঢাকি পেলোৱাক লৈ প্ৰতিবাদত বহিল বিধায়কগৰাকী । উল্লেখ্য যে জনতা ভৱনত প্ৰৱেশ কৰাৰ ২নং গেট বন্ধ কৰি তাত দেৱাল দিয়া হৈছে । এই দেৱাল দিয়াৰ ফলত জনতা ভৱন চৌহদৰ ২নং গেটৰ সমীপত থকা সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি ঢাক খাই পৰিছে ।
দেৱাল দিয়াৰ পূৰ্বে প্ৰতিমূৰ্তি ৰাস্তাৰ পৰা দেখা পোৱা গৈছিল । কিন্তু জনতা ভৱনত প্ৰৱেশৰ পথটো বন্ধ কৰি দেৱাল দিয়াত বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিটো নেদেখা হৈ পৰিছে । যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি প্ৰতিবাদত বহিল বিধায়কগৰাকী । তেওঁ কয় যে জানিব পৰা মতে, মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ বাবে দেৱাল দিয়া হৈছে । নিৰাপত্তাৰ নামত সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্ত্তি ঢাকি দিয়াটো কেতিয়াও মানি ল'ব নোৱাৰি । লাগিলে মূৰ্ত্তিৰ পাছফালে দেৱাল দিয়ক বুলি তেওঁ কয়।