গুৱাহাটী, 23 নৱেম্বৰ :“শেহতীয়াকৈ ৰাজ্য চৰকাৰে আৰক্ষী সেৱা সেতুৰ জৰিয়তে বিভিন্ন অনুষ্ঠানৰ অনুমতি প্ৰদান কৰাৰ নামত কৰ সংগ্ৰহ প্ৰক্ৰিয়াক সমালোচনা কৰাৰ নামত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ নেতা সকল চূড়ান্ত মিথ্যাচাৰত লিপ্ত হৈছে ৷ এই সন্দৰ্ভত গ্ৰহণ কৰিবলগা প্ৰক্ৰিয়াজনিত মাচুলক ব্যাপক কৰ বৃদ্ধি বুলি ষড়যন্ত্ৰমূলকভাৱে প্ৰচাৰ কৰি কংগ্ৰেছে অসমৰ জনতাক বিভ্ৰান্ত কৰিব খুজিছে ৷ আনকি মাচুলৰ বাবদ জমা দিবলগীয়া ধন 2026 ত কংগ্ৰেছৰ চৰকাৰ গঠন হ’লে ঘূৰাই দিয়া হ'ব বুলি উদ্ভট মন্তব্যৰে ভূপেন বৰা, দেৱব্ৰত শইকীয়াই আকাশত চাং পাতিছে ৷" এই মন্তব্য কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ ৷
বৃহস্পতিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা আৰু মুখপাত্ৰ তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৷ সংবাদমেলত মনোজ বৰুৱাই কয় যে কংগ্ৰেছ দলে স্বৰাজোত্তৰ ছটা দশকতকৈ অধিক কাল শাসনত থাকি অসমৰ কলা-কৃষ্টি-সংস্কৃতিৰ ৰক্ষাৰ হেতু নামমাত্ৰ ভূমিকাও গ্ৰহণ নকৰিলে আৰু এতিয়া বিৰোধীৰ আসনত থাকোতেহে অসমৰ কলা-কৃষ্টি-সংস্কৃতিলৈ মনত পেলাইছে ৷
তেওঁলোকে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিহুৱে বিশ্বৰ প্ৰেক্ষাপটত স্থান লাভ কৰিছে ৷ আকৌ প্ৰতিখন বিহু সমিতিকে ডেৰ লাখ টকাকৈ সাহাৰ্য আগবঢ়োৱা চৰকাৰখনে মাচুলৰ বাবদ তিনিশ টকাকৈ সংগ্ৰহ কৰি ৰাজ্যখনৰ বিত্তীয় সংকট দূৰ কৰিব ওলাইছে বুলি কংগ্ৰেছে কৰা অভিযোগ চৰম হাস্যকৰ ৷ নেতা দুজনে লগতে কয় যে, সকলোৱে মনত পেলোৱা উচিত যে কংগ্ৰেছ শাসনৰ সময়ত অসমৰ গাঁৱে-ভূঞে, ৰাস্তাই ঘাটে বাঁহ পেলাই অবৈধভাবে চেক গেট স্থাপন কৰিছিল ৷ সেয়ে এনে অবৈধ ধন সংগ্ৰহত বিশ্বাসী কংগ্ৰেছ দলে অসমৰ অর্থনৈতিক ক্ষেত্ৰৰ উত্তৰণৰ কথা ক'লে অশোভনীয় দেখা যায় ৷