অসম

assam

ETV Bharat / state

Press meet: বিৰোধীক সোঁৱে-বাৱেঁ আক্ৰমণ বিজেপিৰ মন্ত্ৰী-বিধায়কৰ - বিৰোধী ঐক্য মঞ্চৰ বৈঠক

বৃহস্পতিবাৰে বিৰোধীৰ বৈঠকৰ পিচতেই এতিয়া উভতি ধৰিছে বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে । বৃহস্পতিবাৰৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সমালোচনা কৰাৰ পিচতে শুকুৰবাৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহক সমালোচনা কৰা দেখা যায় ।

Press meet
দিগন্ত কলিতাৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:04 PM IST

দিগন্ত কলিতাৰ সংবাদমেল

গুৱাহাটী, ২৭ অক্টোবৰ :শুকুৰবাৰে এখনিসংবাদমেল সম্বোধন কৰে বিধায়ক দিগন্ত কলিতাই ৷ বিৰোধী ঐক্য মঞ্চৰ বৈঠকৰ পিচতে বিধায়ক গৰাকীয়ে কয় যে, "বিগত কেইটামান বছৰত দেখিবলৈ পাইছো কংগ্ৰেছ দলৰ ওপৰত ৰাইজে বিশ্বাস হেৰুৱাই পেলাইছে । তেওঁলোকে এতিয়া বিৰোধী দল বুলি একলগ হৈছে, কিন্তু কোনো কোনো দলৰ বিধায়ক এজনো নাই । সকলোৰে কেৱল শাসনৰ আশা, ক্ষমতালৈ অহা আশা । কংগ্ৰেছে কেবিনেট বনাই পেলাইছে, মুখ্যমন্ত্ৰীৰ হোৱা সপোন দেখিছে । ৰাজীৱ ভৱনৰ ভিতৰত বহি এতিয়া এইবোৰে চৰ্চা হয় । কেন্দ্ৰত আৰু ৰাজ্যত থকা বিৰোধী দলসমূহে আদালতৰ অক্সিজেন লৈ থাকিবলগীয়া হৈছে । বিৰোধীয়ে এনেকুৱা কাম যিমানেই কৰিব ৰাইজে সিমানেই গ্ৰহণ নকৰিব ।

দিগন্ত কলিতাই লগতে কয়, বিৰোধীয়ে কৈছে ১২ টা দল এক হৈ বিজেপিৰ বিৰুদ্ধে ৰণনীতি তৈয়াৰ কৰিছে । যোৱা ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ বিধায়কে cross voting কৰিবলগীয়া হৈছে । তেওঁলোকে বানপানী আহিলে গান্ধী পৰিয়াল বছাও অভিযানত দিল্লীত ২৪ আকবৰ ৰোডত ব্যস্ত থাকে । আঢ়ৈখন আসন বিৰোধীৰ বাবে সংৰক্ষণ কৰি ৰখা হৈছে । কংগ্ৰেছ দল এতিয়া সেনা বিহীন সম্ৰাট । অখিল গগৈ বুধিয়ক মানুহ সেই কাৰণে অন্য দলক আগলৈ ঠেলি দিয়ে । অখিল গগৈয়ে নিজৰ সমষ্টিৰ পৰা জিকিব পাৰিব নে নাই তাতো সন্দেহ আছে ।

লগতে বিধায়ক গৰাকীয়ে কয় যে, "তৃতীয়বাৰৰ বাবে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ’ব, সেয়া ভাৰতবৰ্ষৰ জনসাধাৰণে বিচাৰিছে । কালি চাৰ্জশ্বীট প্ৰস্তুত কৰিছে বিৰোধী দলে । দেখিবলৈ ১২ টাকৈ দল আছে কিন্তু প্ৰকৃতাৰ্থত একো নাই । কংগ্ৰেছ দলে সকলো দলকে আগ্ৰাসন কৰিব বিচাৰিছে । নিৰ্বাচনৰ আগলৈকে এই ঐক্য মঞ্চ ভাঙি ভাঙি টুকুৰা হৈ যাব । দুমুখীয়া নীতিৰ বাবে কংগ্ৰেছ আৰু তেওঁলোকৰ লগত থকা দলৰ ভৱিষ্যত অন্ধকাৰ । আমি ১৪ খন আসনৰ ১২ খন আসনতে জয় লাভ কৰিম । কংগ্ৰেছমুক্ত ভাৰত আৰু কংগ্ৰেছমুক্ত অসম বাস্তৱলৈ পৰিণত হ’ব । ওদালগুৰি আৰু কোকৰাঝাৰত বিজেপি আৰু UPPL ৰ বৃহৎ জয় হ’ব । বিশ্বাস কৰক তাত কোনো বিৰোধীয়ে নাই । হাগ্ৰামা অকমাণ থাকিবই, তাত যিহেতু ১৫ বছৰ শাসন কৰিলে । ক’ত যাব ? সেইখিনি ঠাইতে ঘুৰা পকা কৰি আছে" ।

লগতে পঢ়ক :Akhil Gogoi slams Pijush Hazarika : পীযুষ হাজৰীকাক সকীয়নি অখিল গগৈৰ

ABOUT THE AUTHOR

...view details