গুৱাহাটী,১৮ আগষ্ট: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিজকে বিশ্বগুৰু বুলি দাবী কৰিলেও কিন্তু আচলতে দুৰ্নীতিৰহে গুৰু । এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । 'কেগ'ৰ প্ৰতিবেদনত মোদী চৰকাৰৰ ৭টাকৈ বৃহৎ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতেই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
তেওঁ কয় যে দুৰ্নীতিৰ গুৰু হোৱা বাবেই অহৰহ বিৰোধীক দুর্নীতিগ্রস্ত আখ্যা দিয়া প্রধানমন্ত্রীয়ে সেয়ে এজন এজনকৈ বিৰোধীৰ সকলো দুৰ্নীতিগ্রস্ত নেতাক নিজ দললৈ নি বুকুৰ আপোন কৰি লৈছে । আনহাতে একালত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ কথা কৈ সেই নেতাজনকেই আকোঁৱালি লোৱা দলটোৱে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাতো একপ্ৰকাৰ হাঁহি উঠা কথা বুলি তেওঁ মন্তব্য কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে এইখন চৰকাৰৰ দিনত এটকাৰো দুৰ্নীতি নাই হোৱা বুলি কোৱাতো মুঠেই শোভা নাপায় বুলি সদৰী কৰি তেওঁ আয়ুস্মান ভাৰতৰ দৰে আঁচনিতো বিজেপিয়ে দুর্নীতি আৰু অনিয়ম সংঘটিত কৰাত আশ্চর্য প্ৰকাশ কৰে । তেওঁ লগতে কয় যে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ মৃত্যু ঘটাৰ পিছতো চিকিৎসা চলি থকা দেখুৱাই ধন মোকলাই লোৱাৰ ভয়ংকৰ তথ্য কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ।
কেগৰ প্ৰতিবেদনত উল্লেখ থকা মতে অতিকমেও ৮০ হাজাৰ মৃত লোকৰ বিপৰীতে আয়ুস্মান ভাৰতৰ জৰিয়তে ধন মোকলাই নিয়া হৈছে । এই সকলোবোৰ কথা জানিও প্রধানমন্ত্রী মোদীয়ে গঠন কৰি দিয়া নেশ্যনেল হেলথ্ অথ’ৰিটিয়ে ইমান দিনে এই গুৰুতৰ বিসংগতি তথা সন্দেহজনক তথ্যসমূহ পুনৰীক্ষণ কৰা নাছিল ।
মৃত মানুহৰ নামতো যিখন চৰকাৰে দুৰ্নীতি-অনিয়ম সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে সেইখন চৰকাৰ কিমান ভয়ংকৰ হ'ব সেয়া দেশবাসীয়ে উপলব্ধি কৰাৰ সময় আহি পৰিছে বুলি তেওঁ কয় । অসমতো আয়ুস্মান ভাৰতৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ আংশকা ব্যক্ত কৰি তেওঁ ভাৰত মালা প্রকল্প আৰু দ্বাৰকা এক্সপ্ৰেছ ৱে'ত হোৱা কেলেংকাৰীক লৈয়ো আশ্চর্য প্রকাশ কৰে ।
তেওঁ কয় যে ভাৰত মালাৰ নামত ব্যাপক নিবিদা জালিয়াতি সংঘটিত হোৱাৰ কথা কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে । অসমত বিশেষকৈ গুৱাহাটী মহানগৰীত কেবাখনো উৰণ সেঁতু ভাৰতমালাৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে । গতিকে ইয়াতো যে অনিয়ম হৈছে সেই কথা সহজেই অনুমেয় বুলি তেওঁ কয় ।
মোদী চৰকাৰে ৭৫ বছৰৰ দুৰ্নীতিৰ সকলো অভিলেখ ভংগ কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে যিটো দলৰ প্ৰধানমন্ত্ৰীয়ে মিঠা মিঠা কৈ ইমান বৃহৎ দুর্নীতি সংঘটিত কৰিব পাৰে সেইটো দলৰ ৰাজ্যিক সভাপতি এগৰাকীয়ে শিল-বালিৰ ছিণ্ডিকেটত নামি পৰাতো একো আচৰিত হ'বলগীয়া কথা নহয় ।
জাতি, মাটি, ভেটিৰ কথা কোৱা বিজেপিয়ে এতিয়া মাটি, ভেটি সকলোতে দুর্নীতি সংঘটিত কৰি জাতিটোকে বেচিবলৈ ওলাইছে বুলিও তেওঁ কটাক্ষ কৰে । বাজপেয়ী ভৱন এতিয়া আৰু বাজপেয়ী ভৱন হৈ থকা নাই । তেওঁলোকৰ দলৰেই প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে কি কৈছে সেয়া সকলোৱে শুনিছেই বুলি তেওঁ কয় ।