গুৱাহাটী, 19 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা সন্দৰ্ভত আৰু মঙলবাৰে কংগ্ৰেছ দলকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ মাজত গঠিত হোৱা ‘INDIA’ নামৰ মিত্ৰজোঁটৰ সন্দৰ্ভত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ৷
বিৰোধীৰ ঐক্যক INDIA নামাকৰণ কৰাক লৈ বিজেপি দলে কৰা সমালোচনাক হাস্যকৰ বুলি মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয়, ‘‘এই নামটো যুক্তিসংগত হৈছে । বিজেপি দলেও ভোট ফৰ ইণ্ডিয়া বুলি লিখে । এই ক্ষেত্ৰত সমালোচনা কৰিবলগীয়া নাই । ইণ্ডিয়া বুলি ক’লে ভাৰতৰ ধাৰণাটো ব্যাপক অৰ্থত প্ৰকাশ পায় ।’’
ইফালে তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত কয় যে বৰ্তমানৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ ফলত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী লাভান্বিত হ'ব ৷ বিৰোধী দলসমূহৰ যথেষ্ট ক্ষতি হ'ব । এই প্ৰক্ৰিয়াটোৰ প্ৰতি সন্দেহৰ উদ্ৰেক ঘটোৱাৰ লগতে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতাৰ প্ৰতিও প্ৰশ্ন উত্থাপিত কৰিছে আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশত সকলোবোৰ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ।