গুৱাহাটী, ১৯ এপ্ৰিল :‘‘অসমৰ জাতীয় সংবিধানত ব'হাগ মাহত যুৱক-যুৱতীয়ে প্ৰেম কৰাৰ সাংবিধানিক অধিকাৰ আছে, এয়া প্ৰেমৰ সময় ৷ অসমৰ জাতীয় সংবিধানমতে যুৱক-যুৱতীয়ে পলাই মন্দিৰতো বিয়া পাতিব পাৰে ৷’’ মঙলবাৰে মহানগৰীৰ বীৰকুছিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক অতুল বৰাই মন্তব্য কৰি ক'লে এনেদৰে ৷
সন্মুখত পৌৰ নিগমৰ নিৰ্বাচন (GMC Election 2022) ৷ গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনক লৈ ব্যস্ত শাসক বিৰোধী । 22 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে বিভিন্ন দল-সংগঠন ৷ সাজু হৈছে মিত্ৰদল অগপ-বিজেপিয়েও ৷
ইতিমধ্যে, নিৰ্বাচনক লৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত শাসকীয় দলৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ নামী দামী পালি নেতা নামি পৰিছে নিৰ্বাচনী যুঁজত । ভোটাৰৰ মন জয় কৰিবৰ বাবে প্ৰাৰ্থী তথা নেতাই অৱলম্বন কৰিছে ন ন কৌশল ।