অসম

assam

ETV Bharat / state

Crackdown on Child Marriage: আশাকৰ্মীক প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অতুল বৰাৰ পত্ৰ

খাই কাৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল ৷ বাল্যবিবাহ কৰিলে কোনোবাই কিন্তু তাৰ বাবে জগৰীয়া হ’ল আশাকৰ্মী ৷ দিছপুৰৰ বিধায়ক অতুল বৰাই মুখ্যমন্ত্ৰীলৈ আগবঢ়োৱা এক অদ্ভূত পৰামৰ্শক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া ৷

By

Published : Feb 8, 2023, 7:39 PM IST

Crackdown on Child Marriage
আশাকৰ্মীক প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অতুল বৰাৰ পত্ৰ

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰে বাল্যবিবাহৰৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ(Crackdown on Child marriage) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যেই সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বাল্যবিবাহ কৰা আৰু ইয়াৰ লগত জড়িত প্ৰায় 2200 লোকক ৷ ইয়াকে লৈ ৰাজ্যত অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া (Operation against child marriage in Assam) ৷

কিন্তু ৰাজ্যত চলা বাল্যবিবাহ বিৰোধী অভিযান সন্দৰ্ভত এক অদ্ভূত যুক্তি দাঙি ধৰিছে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ৷ অতুল বৰাই বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখা এখন পত্ৰত দাঙি ধৰিছে এই অদ্ভূত কাৰণ ৷ য’ত প্ৰকাশ পাইছে ৰাজ্যত চলি থকা ঘটনা প্ৰবাহৰ সন্দৰ্ভত বিধায়কগৰাকীৰ জ্ঞানৰ নমুনা (Dispur MLA Atul Bora letter to CM) ৷

আশাকৰ্মীক প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অতুল বৰাৰ পত্ৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যাবাদ জনাই বিধায়ক অতুল বৰাই আগবঢ়াইছে এটা পৰামৰ্শও ৷ অতুল বৰাই লিখিছে, ‘‘বাল্যবিবাহৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ ৷ এইক্ষেত্ৰত মই এটা পৰামৰ্শ দিব খুজিছোঁ ৷ সেইটো হৈছে, যি অঞ্চলত বা যি জিলাত বাল্যবিবাহৰ বাবে বাবে অথবা এনে জাতীয় আন কোনো কাৰণত জনসংখ্যা বৃদ্ধি হৈছে, তেনে অঞ্চলৰ পৰা অতি সোনকালে আশাকৰ্মী প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা ল’বলৈ আপোনাক অনুৰোধ জনালোঁ ৷ কাৰণ কি এই পত্ৰত এতিয়াই ৰাজহুৱা নকৰো (MLA Atul Bora on child marriage) ৷’’

হয়, এইদৰেই পত্ৰ লিখি মুখ্যমন্ত্ৰীলৈ পৰামৰ্শ আগবঢ়াইছে বিধায়ক বৰাই ৷ কিন্তু দিছপুৰ সমষ্টিৰ বিধায়কগৰাকী এই কথা অৱগত নহয় যে, ৰাজ্যত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই কঠোৰ ব্যৱস্থা ৷ কিন্তু বিধায়ক বৰাই তেখেতৰ সাৰুৱা মগজুৰে চিন্তা কৰি বিচাৰি উলিয়ালে জনসংখ্যা বৃদ্ধিৰ কাৰণ ৷ এগৰাকী বিধায়কৰ জ্ঞানৰ পৰিসীমা আৰু চিন্তাধাৰা দেখি নেটিজেনেও প্ৰশ্ন উত্থাপন কৰিছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ সিদ্ধান্ত লৈ কৈছিল যে, 2019-20 বৰ্ষৰ কেন্দ্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদন অসমৰ 23 শতাংশ কন্যাৰ বাল্যবিবাহ আৰু 11 শতাংশ কম বয়সতে মাতৃত্ব অৰ্জন কৰাৰ বাবে প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Child death ration in Assam) ৷ কিন্তু বিধায়ক অতুল বৰাই বিচাৰি উলিয়ালে জনসংখ্যা বিস্ফোৰণৰ কাৰণ ৷

কেৱল সিমানেই নহয়, অতি নিকৃষ্ট মানসিকতাৰে অতুল বৰাই প্ৰাপ্য দৰমহা কেইটাও সময়মতে লাভ নকৰা আৰু গ্ৰামাঞ্চলৰ ৰাইজৰ একমাত্ৰ ভৰসা আশাকৰ্মীক প্ৰত্যাহাৰৰ পৰামৰ্শ আগবঢ়াইছে ৷ এতিয়া ৰাইজেই বিবেচনা কৰক, এয়া দিছপুৰৰ বিধায়ক অতুল বৰাৰ জ্ঞানৰ পৰিসীমা নে আশাকৰ্মীৰ চাকৰিটো কাঢ়ি নিয়াৰ বাবে শীতল মস্তিষ্কৰে কৰা এক চক্ৰান্ত বা কুঅভিসন্ধি ?

লগতে পঢ়ক:Cow Hug Day: প্ৰেয়সীৰ পৰিৱৰ্তে ভেলেণ্টাইন ডে’ত আলিংগন কৰক গো-মাতাক

ABOUT THE AUTHOR

...view details