অসম

assam

ETV Bharat / state

MLA Atul Bora : শংকৰদেৱ সংঘৰ অনুষ্ঠানত আজমলক দেখি জাতীয়তাবাদ জাগি উঠিল বিধায়ক অতুল বৰাৰ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত বদৰুদ্দিন আজমলক দেখাৰ পাচতে ভীষণ চিন্তাত পৰিছে টমেট’ চচেৰে মাজৰ আঞ্জা ৰান্ধিবলৈ কোৱা দিছপুৰৰ বিধায়ক অতুল বৰা ৷ সংঘৰ ভৱিষ্যতক লৈও শংকিত হৈ পৰিছে বৰা ৷

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 3:54 PM IST

Etv BharatMLA Atul Bora sankardev sangha
বিধায়ক অতুল বৰাৰ পত্ৰ আজমল আৰু শংকৰদেৱ সংঘৰ সন্দৰ্ভত

গুৱাহাটী, ৮ অক্টোবৰ :এতিয়াও তল পৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত সাংসদ বদৰুদ্দিন আজমলৰ অংশগ্ৰহণ বিতৰ্ক ৷ এইবাৰ শংকৰ সংঘত আজমল প্ৰসংগত সৰৱ হৈ পৰিছে দিছপুৰৰ বিজেপিৰ বিধায়ক অতুল বৰা ৷ শংকৰ সংঘক সমালোচনা কৰি বিধায়ক অতুল বৰাই কয়, “ভৰি ধোৱা পানী খাব লাগিব বুলি ক’লেহে, কামত নামি গ'ল ।”

এক বিবৃতি যোগে বুধবাৰে বিধায়কজনে কয়, “শংকৰ সংঘৰ বিধান মতেই মোৰ বিয়াখন হৈছিল । সোণাৰাম চুতীয়াৰ নেতৃত্বত ৷ এগৰাকী নমস্য ব্যক্তি । শংকৰ সংঘৰ গুৰি ধৰোঁতা । আমি 'বামুণীয়া’- দেউতাই আপত্তি কৰা নাছিল ৷ যদিও ঘৰলৈ আনি হোম পোৰাৰ কথা এবাৰ কৈছিল- হেঁচা নিদিলে । হিন্দুৱে মুছলমানৰ ভৰি ধোৱা পানী খাব লাগিব বুলি ক'বলৈহে পালে, ভৰি ধোৱা আৰম্ভ হৈ গ'ল ।”

বিধায়ক অতুল বৰাৰ পত্ৰ

উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে বৰপেটাৰ মন্দিয়াত এখন দলীয় সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৈছিল, ‘‘ যদি ভাৰতত শাসন কৰিব বিচাৰা তেন্তে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব ৷’’ এই মন্তব্য কৰাৰ পাচতেই ৪ নৱেম্বৰত গোৱালপাৰাৰ ধূপধৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অনুষ্ঠানত ভাগ লয় আজমলে ৷ ইয়াকে লৈ ৰাজ্যৰ একাংশই, বিশেষকৈ বিজেপিৰ নেতাই বিষয়টো বিতৰ্কৰ মাজলৈ আনে ৷

বুধবাৰে এই বিতৰ্কত জপিয়াই পৰিল বিভিন্ন মন্তব্যৰে প্ৰায়ে চৰ্চাৰ মাজত থকা বিজেপি বিধায়ক অতুল বৰা ৷ এখন মুকলি পত্ৰত সংঘক সমালোচনা কৰিছে অতুল বৰাই ৷ নিজৰ বিধায়কৰ পেডত অতুল বৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি লগতে কৈছে- “ আজমলৰ চৰণ চুই সেৱা জনোৱা দৃশ্য টিভিত দেখা পাই কোনোবা অসমীয়াই যদি শান্তি পাইছে, সেই কথা নাজানো ৷ আমাৰ কিন্তু সহ্য হোৱা নাই ।’’

বিধায়ক বৰাই লগতে কয়, শংকৰ সংঘৰ অধিৱেশন যিদৰে আয়োজন কৰে, দেখিলে আমাৰ দৰে জাতীয়তাবাদী মনবোৰে ভাবিব নোৱাৰো, শান্তি অনুভৱ কৰো । আজি আজমলৰ চৰণ চুই কি আশাত এনেদৰে আদৰিছে আমাৰ দৰে মানুহৰ বুজাত অসুবিধা হৈছে । দহজন মুখ্যমন্ত্ৰী কিনিব পাৰো বুলি কোৱা কথাষাৰৰ কিবা প্ৰভাৱ পৰিছে নেকি ?“

শংকৰ সংঘৰ ভৱিষ্যতক লৈয়ো শংকিত বিধায়ক অতুল বৰাই কয়, “ টিভি চেনেলৰ দৃশ্যই শংকৰ সংঘৰ ভৱিষ্যতে বহু ক্ষতি কৰিব । বহু অসমীয়া মুছলমানেও এনে কথা-কর্ম দেখি আচৰিত হৈছে বুলি অনুভৱ কৰো । একমাত্ৰ প্ৰচাৰৰ বাবে অথবা সমন্বয় সম্প্ৰীতিৰ কথা কৈ এনেবোৰ সস্তীয়া কাম নকৰিবলৈ শংকৰ সংঘক নিবেদন জনাইছোঁ ।’’

লগতে তেওঁ কয়, ‘‘ যদি কোনোবাই দুই-চাৰিজনে তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবেহে এনে কৰিছে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে শংকৰ সংঘৰ গুৰি ধৰোঁতাসকলক অনুৰোধ জনাইছোঁ ।” বিধায়ক আবাসৰ আম খোৱা লোকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপাৰ পৰা আৰম্ভ কৰি বিভিন্ন মন্তব্যৰে বিভিন্ন সময়ত সংবাদ শিৰোনামত থকা দিছপুৰৰ বিধায়কজনৰ এই মন্তব্যই শ্ৰীমন্ত শংকৰ সংঘক স্পৰ্শ কৰিব পাৰিব নে নোৱাৰে সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক :MLA Atul Bora on Price Hike: খাদ্য খোৱাৰ নতুন ৰেছিপি দিলে বিধায়ক অতুল বৰাই

ABOUT THE AUTHOR

...view details