অসম

assam

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 6:09 PM IST

ETV Bharat / state

MLA Atul Bora Press Meet: ডিমৰীয়া মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত বিধায়ক অতুল বৰাৰ সংবাদমেল

দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ সংবাদমেল ৷ শনিবাৰে ৰাইজমেলত সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন বিধায়কগৰাকীৰ ৷

Press Meet of MLA Atul Bora in Guwahati
বিধায়ক অতুল বৰাৰ সংবাদমেল সম্বোধন

বিধায়ক অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, 3 ছেপ্তেম্বৰ: শনিবাৰে ডিমৰীয়া মহাবিদ্যালয়ত সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ সংবাদমেল সম্বোধন ৷ ৰাইজমেল সন্দৰ্ভত সংবাদমেলযোগে বিধায়কগৰাকীয়ে মন্তব্য কৰি কয়, ‘‘ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভৰালীয়ে টকা দি একাংশক আমাৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰোৱাইছিল ৷ কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিলে ৷’’

সংবাদমেলযোগে ঘটনাত জড়িত থকা লোকৰ নাম ৰাজহুৱাকৈ প্ৰকাশ কৰিলে বিধায়কগৰাকীয়ে ৷ বিধায়ক অতুল বৰাই মন্তব্য কৰি কয় যে, প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভৰালীৰ বিৰুদ্ধে আছে নাৰী কেলেংকাৰীৰ অভিযোগ ৷ নগৰবেৰাত থাকোতেও নাৰী কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল ৰামচৰণ ভৰালীৰ বিৰুদ্ধে ৷ লগতে একেটা সময়তে দুখন কলেজত চাকৰি কৰি আছিল ৰামচৰণ ভৰালীয়ে ৷

লগতে বিধায়কগৰকীয়ে পুনৰ কয় যে, অধ্যক্ষ ৰামচৰণ ভৰালীৰ বিৰুদ্ধে ১ জন ভুৱা শিক্ষকৰ চাকৰিৰ দৰমহা আত্মসাৎ কৰাৰো আছে তথ্য ৷ ডিমৰীয়া কলেজৰ তৃতীয় গৰাকী অধ্যক্ষ হৈছে ৰামচৰণ ভৰালী ৷ চাকৰি কালতেই ব্যক্তিগত লাভালাভৰ বাবে বিদ্যালয়ত কাম কৰিছিল ভৰালীয়ে ৷ সুদীৰ্ঘ দিন ডিমৰীয়া কলেজৰ অধ্যক্ষৰ দায়িত্বত থাকি বহু কোটি টকাৰ চৰকাৰী অনুদান লাভ কৰাৰ পিছতো ৰামচৰণ ভৰালীয়ে কলেজৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ সক্ষম নহ'ল ৷ কাৰণ তেওঁ একে সময়তে কলেজৰ ধন আত্মসাৎ কৰি নিজৰ লাভৰ বাবে প্ৰতিষ্ঠা কৰা ব্যক্তিগত অনুষ্ঠানসমূহৰ শ্ৰীবৃদ্ধিৰ কামত দিনে ৰাতিয়ে ব্যস্ত হৈ আছিল ৷

বিধায়ক অতুল বৰাই কয় যে, প্ৰায় ১০ খন মান ব্যক্তিগত প্ৰতিষ্ঠান খোলা বুলি নিজ মুখে স্বীকাৰ কৰিছে ভৰালীয়ে ৷ ইমান কেলেংকাৰীৰ তথ্য থকাৰ পিছতো তেখেত কিয় গ্ৰেপ্তাৰ হোৱা নাই বুলি প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপতে ডিমৰীয়া কলেজৰ কেলংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ভিজিলেঞ্চে ৰুজু কৰিছে গোচৰ ৷ আনহাতে তিনিচুকীয়াৰ বিজেপিৰ সভাত উপস্থিত নথকাৰ সন্দৰ্ভতো সংবাদমেলত মন্তব্য কৰে বিধায়ক অতুল বৰাই ৷

লগতে পঢ়ক :Silsako Beel eviction: শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত আপৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details