গুৱাহাটী, ৫ নৱেম্বৰ :প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংসদ বদৰুদ্দিন আজমলক 'নৰাধম' আখ্যা দিয়াত জাঙুৰ খাই উঠিছে এ আই ইউ ডি এফ দল । দলৰ মুৰব্বীজনক এনেদৰে সমালোচনা কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৰ বিধায়ক আমিনুল ইছলামে ।
উল্লেখ্য যে দেওবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই সাংসদ আজমলক নৰাধম আখ্যা দিছিল । ভূপেন বৰাৰ এই বক্তব্যৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক আমিনুল ইছলামে কয় যে নৰাধমৰ অৰ্থ জানি-বুজি যদি কৈছে তেন্তে ভূপেন বৰা অসমৰ একমাত্ৰ নৰাধম ব্যক্তি ।
ভূপেন বৰাই নৰাধম আখ্যা দিয়া আজমলে অসমত ২৪ খন মহাবিদ্যালয় চলাই থকাৰ উপৰি দৰিদ্ৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষিত কৰি আগুৱাই যোৱাৰ ব্যৱস্থা কৰি দিছে বুলি মন্তব্য কৰে আমিনুল ইছলামে । আজমলৰ কৰ্মৰাজিৰ গুণানুকীৰ্তন কৰি তেওঁ কয় যে মানৱসেৱাত ব্ৰতী আজমলৰ দৰে ব্যক্তিক ভূপেন বৰাই নৰাধম বুলি কোৱাটো অতি গৰ্হিত কাৰ্য ।