অসম

assam

ETV Bharat / state

ভিক্টৰ দাসক সকলো তথ্য-প্ৰমাণ ৰ‍জহুৱা কৰাৰ আহ্বান অখিল গগৈৰ - Allegation against MLA Manab Deka

গুৱাহাটী উচ্চ ন্যায়ালয়ে(Gauhati high court) ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া । দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই ভিক্টৰ দাসক বলিৰ পঠা সজাব খোজা হৈছিল বুলি মন্তব্য অখিল গগৈৰ (MLA Akhil Gogoi)। ভিক্টৰ দাসৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত একো নথকাৰ প্ৰমাণ হোৱা বুলি মন্তব্য অখিল গগৈৰ ।

ভিক্টৰ দাসক সকলো তথ্য-প্ৰমাণ ৰ‍জহুৱা কৰাৰ আহ্বান অখিল গগৈৰ
ভিক্টৰ দাসক সকলো তথ্য-প্ৰমাণ ৰ‍জহুৱা কৰাৰ আহ্বান অখিল গগৈৰ

By

Published : Sep 16, 2022, 5:14 PM IST

গুৱাহাটী, ১৬ ছেপ্তেম্বৰ: ভিক্টৰ দাসক নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় সকলো তথ্য ৰাজহুৱা কৰাৰ বাবে আহ্বান জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi)। উল্লেখ্য যে তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিত টকাৰ লেন-দেন(Assam recruitment scam allegation) হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ যুৱকজনে । যাৰ পৰিপ্ৰেক্ষিত গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক (Victor Das)।

আৰক্ষীৰ জিম্মাত ৭ টা দিন উকলাৰ পাছত শুকুৰবাৰে জামিন লাভ কৰে অভিযোগ দি অভিযুক্ত হোৱা ভিক্টৰ দাসে । গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে (Granted interim bail to Victor Das)। এই সন্দৰ্ভত শুকুৰবাৰে বিধানসভা চৌহদত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে ভিক্টৰ দাসক তেওঁৰ লগত থকা সকলো তথ্য ৰাজহুৱা কৰাৰ বাবে আহ্বান জনায় ।

ভিক্টৰ দাসক সকলো তথ্য-প্ৰমাণ ৰ‍জহুৱা কৰাৰ আহ্বান অখিল গগৈৰ

শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই ভিক্টৰ দাসক বলিৰ পঠা সজাবলৈ বিচৰা হৈছিল । ভিক্টৰ দাসে নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল যদিও তেওঁৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ গোচৰ জাপি দিয়া হৈছিল (Allegation against Victor Das)। অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই মুখ বন্ধ কৰি দিব বিচৰাটোক এই ঘটনাই প্ৰমাণ কৰা বুলি মন্তব্য কৰে অখিল গগৈয়ে । তেওঁ কয়, ‘‘আজি বিজেপিৰ ৰাজ্যিক সভাপতি আৰু বিজেপি বিধায়ক মানব ডেকাৰ(Allegation against MLA Manab Deka) বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । মুখ্যমন্ত্ৰীয়ে এইবোৰৰ তদন্ত ঘোষণা কৰিব লাগিছিল । কিন্তু তাকে নকৰি মুখ্যমন্ত্ৰীয়ে পুলিচ লগাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাসকলক গ্ৰেপ্তাৰ কৰিছে’’ ।

ভিক্টৰ দাসক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে কয় যে ন্যায়ালয়ৰ জামিনে সেই কথা প্ৰমাণ কৰিছে যে ভিক্টৰ দাসৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত একো তথ্য নাই ৷ ভিক্টৰ দাসক এটা এটাকৈ সকলো তথ্য-প্ৰমাণ ৰাজহুৱা কৰাৰ বাবে আহ্বান জনায় অখিল গগৈয়ে । দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলিও কয় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক:গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ভিক্টৰ দাসৰ

ABOUT THE AUTHOR

...view details