অসম

assam

ETV Bharat / state

দেউলীয়া চৰকাৰৰ দিনত অসমৰ এজন মানুহৰ ওপৰত ধাৰ ৩২ হাজাৰ ২৩ টকা ৭৫ পইছা : অখিল - MLA Akhil Gogoi

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ১৭ ডিচেম্বৰৰ ৰাজ্যৰ কেবিনেট সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্রিয়া(Decision made in governments weekly cabinet meeting) । বিদ্যালয়ত অতিথি শিক্ষক নিযুক্তি সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা গগৈৰ ৷ চৰকাৰৰ অৱস্থা এতিয়া লাওঁলোৱা-দেওলীয়া বুলি মন্তব্য অখিল গগৈৰ ।

mla-akhil-gogoi-takes-a-jibe-on-assam-governments-debt
দেউলীয়া চৰকাৰৰ দিনত অসমৰ এজন মানুহৰ ওপৰত ধাৰ ৩২ হাজাৰ ২৩ টকা ৭৫ পইছা : অখিল

By

Published : Dec 18, 2021, 10:51 PM IST

গুৱাহাটী, ১৮ ডিচেম্বৰ :ধাৰত পোত গৈছে ৰাজ্য চৰকাৰ। লাওঁলোৱা-দেউলীয়া হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰ(Assam government is in huge debt) । উদং হৈ পৰিছে ৰাজভড়াল । ভাৰত চৰকাৰৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ ২৬ অক্টোবৰলৈ চৰকাৰ খনৰ ধাৰৰ পৰিমাণ হৈছে ১ লাখ ২ হাজাৰ ৪৬৪ কোটি টকা । শনিবাৰে গুৱাহাটীত এখন সংবাদ মেলযোগে এই কথা সদৰী কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে(MLA Akhil Gogoi) ।

ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কার্যালয়ত এখন সাংবাদমেল সংবোধন কৰি বিধায়ক অখিল গগৈয়ে কয়, ৩১ মাৰ্চ ২০১৬ চনলৈকে চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৪১ হাজাৰ ৯৬৪ কৌটি টকা । কিন্তু বিজেপি চৰকাৰ অহালৈকে যিমান ঋণ আছিল তাতকৈ বিজেপি চৰকাৰে ২০১৬ চনৰ পৰা এতিয়ালৈ ঋণ বহুত বেছি ল’লে । যাৰ পৰিণতিত আজিৰ দিনটোত অসমৰ এজন মানুহৰ ওপৰত ধাৰ হৈছে ৩২ হাজাৰ ২৩ টকা ৭৫ পইছাকৈ ৷

দেউলীয়া চৰকাৰৰ দিনত অসমৰ এজন মানুহৰ ওপৰত ধাৰ ৩২ হাজাৰ ২৩ টকা ৭৫ পইছা : অখিল

ইফালে, ১৭ ডিচেম্বৰৰ ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ সন্দৰ্ভতো প্ৰতিক্রিয়া ব্যক্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । কেবিনেটৰ সিদ্ধান্ত(Decision made in governments weekly cabinet meeting) অনুসৰি বিদ্যালয়ত অতিথি শিক্ষক নিযুক্তিৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে । বিধায়ক গৰাকীৰ মতে অসমৰ বহু বিদ্যালয় গৃহৰ অৱস্থা এতিয়াও জৰাজীৰ্ণ ।

তাৰোপৰি, বিদ্যালয়ৰ গুণগত অৱস্থাও শোচনীয় । সেয়ে প্ৰথমে বিদ্যালয় সমুহৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । নিবনুৱা সমস্যাই জুৰুলা কৰাৰ পিছতো নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰৰ ভূমিকাক তীব্ৰ ভাৱে সমালোচনা কৰি অখিল গগৈয়ে কয় যে, নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে । যাৰ বাবে উপায়বিহীন হৈ এতিয়া অতিথি শিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে বুলি চৰকাৰক কটাক্ষ কৰে বিধায়ক অখিল গগৈয়ে ৷ সেয়ে অহা কেবিনেট বৈঠকত ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে চৰকাৰক দাবী জনায় ।

ইয়াৰ উপৰি গো-সুৰক্ষা আইন(Cattle preservation bill)ক চৰকাৰে পুনৰ বিবেচনা কৰাৰ আহ্বান জনায় ৷ ৰাজ্যত চলি থকা কয়লা আৰু চুপাৰি ছিণ্ডিকেট সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৰাইজৰ দলে নিজাববীয়াকৈ তদন্ত কৰাৰ কথাও উল্লেখ কৰে ৷ এই সন্দৰ্ভত পৰৱৰ্তী সময়তহে সকলো খবৰ জনোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে অখিল গগৈ ।

লগতে পঢ়ক :প্ৰমোদ বড়োৰ দিনত বিটিআৰলৈ ঘূৰি আহিছে শান্তি : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details