গুৱাহাটী, 11 ছেপ্টেম্বৰ : আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন ৷ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই বিধানসভা চৌহদত অভিনৱ প্ৰতিবাদ কৰে বিধায়ক অখিল গগৈয়ে ৷ লোড শ্বেডিঙৰ বাবে হাতত লেম্প আৰু ঢকুৱাৰ বিচনী লৈ বিধানসভাৰ চৌহদত প্ৰতিবাদ কৰিলে বিধায়ক গগৈয়ে ৷
ৰাজ্যবাসী অতিষ্ঠ হৈছে বিদ্যুতৰ লুকা-ভাকুত ৷ এই প্ৰসংগত আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনটোত সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ আগতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ সৰৱ হৈ পৰে ৷
বিধায়ক অখিল গগৈয়ে ৰাজ্যখনৰ বিদ্যুৎ নাটনি প্ৰসংগত তথ্য দাঙি ধৰি কয়,“ আজিৰ তাৰিখত ৰাজ্যত পিক আৱাৰত মুঠ 2540 মেগাৱাট বিদ্যুৎ শক্তিৰ প্ৰয়োজন ৷ তেনেস্থলত ৰাজ্যত মাত্ৰ 281 মেগাৱাটহে নিজা উৎপাদন হয় ৷ মুঠ চাহিদাৰ 10 শতাংশৰ অলপ বেছিকৈ হে বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম অসম ৷”
“হস্তীৰ দেখিয়া লাড শশা যেন ফাড়ে মাৰ্গ” বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি বিধায়ক গগৈয়ে কয়, “অসমখন সম্পূৰ্ণ অন্ধকাৰত ডুব গৈছে ৷ বিজুলী উৎপাদন কৰিব পৰা নাই, বিজুলী ক্ৰয় কৰিব পৰা নাই । বিজুলী বিতৰণ কৰিব পৰা নাই ৷ মানুহৰ হাহাকাৰ লাগিছে ৷ গৰমে মানুহক দগ্ধ কৰি পেলাইছে ৷ ব্যৱসায় বাণিজ্য বন্ধ হৈ গৈছে ৷ চিকিৎসালয়ত সময় মতে ইচিজি এটা কৰিব নোৱাৰে ৷ চিকিৎসালয়ৰ কাম-কাজ নচলা হৈছে ৷ ব্যৱসায়-বাণিজ্য মন্দা হৈ গৈছে ৷ বিজুলী নোহোৱাকৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যসমূহৰ ভিতৰত এখন কেনেকৈ কৰিব বিচাৰিছে ?”
ৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যুৎ উপভোক্তাৰ ৰাজ্যভিত্তিক তথ্য দাঙি ধৰি অখিল গগৈয়ে লগতে কয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিজন গ্ৰাহকে 1255 কিলোৱাট বিদ্যুৎ খৰছ কৰে ৷ কিন্তু তাৰ বিপৰীতে প্ৰতি ঘণ্টাত অসমে মাত্ৰ 384 কিলোৱাট বিদ্যুৎ খৰছ কৰে ৷ আনহাতে প্ৰতি ঘণ্টাত 2350 কিলোৱাট পাঞ্জাৱে, গুজৰাটে 2239 কিলোৱাট প্ৰতি ঘণ্টাত খৰছ কৰে । অসমে যি সামান্য বিজুলী খৰচ কৰে সেইখিনিও বিজুলী দিব পৰা নাই আমাৰ চৰকাৰে । কিন্তু বিদ্যুতৰ মাচুলৰ ক্ষেত্ৰত কেঁকোৰা চেপা দিছে ৷