গুৱাহাটী,১৩ ছেপ্টেম্বৰ: ৰাজ্যখনৰ স্বাৰ্থত মাত মতাৰ বাবে আৰু কিমান অপমান সহ্য কৰিব অখিল গগৈয়ে । অসমৰ বিভিন্ন সমস্যা সন্দৰ্ভত সততে সৰৱ হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পদে পদে ৰজাঘৰীয়াৰ পৰা অপমানিত হ'বলগীয়া হয় । এনে অপমানৰ বাবে বহু সময়ত ৰাতি টোপনি নাহে অখিল গগৈৰ ।
অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ বুধবাৰে তৃতীয় দিনা বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত এইদৰে আক্ষেপ কৰে বিধায়ক অখিল গগৈয়ে । তেওঁ কয় যে সংগ্ৰামৰ পথৰ পৰা আহি আজি পিংপং বল হিচাপে লাথ-গোৰ খাইছোঁ । বিধানসভাৰ মজিয়াত যি ধৰণে অপমানিত হৈ আছো কেতিয়াবা ৰাতি টোপনি নাহে । তেওঁ আক্ষেপেৰে কয় ।
তেওঁ লগতে কয় যে পৰিয়ালৰ লোকে তেওঁক এইবোৰৰ পৰা আঁতৰি আহিবৰ বাবে কয় । ইমান অপমান সহ্য কৰিব নোৱাৰি । ইফালে মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ সংবাদ মাধ্যমৰ ভূমিকাৰ শলাগ লয় । বিশেষকৈ সাংবাদিকসকলৰ ।
তেওঁৰ সংগ্ৰামী সত্তাকলৈ উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰি কৈলাশ লোহিয়াৰ পৰা কামৰূপ মহানগৰত ১০২ বিঘা মাটি কাঢ়ি আনিবলৈ সক্ষম হৈছিল । আন্দোলন কৰি অসমত পৃথানীৰ সকলো প্ৰকল্প বন্ধ কৰি দিয়া হ'ল ।