গুৱাহাটী, ৬ নৱেম্বৰ: সফল অস্ত্ৰোপচাৰৰ পিছত চিকিৎসালয়ৰ পৰা ওলাল কৃষক নেতা তথা বিধায়ক অখিল গগৈ(MLA Akhil Gogoi) ৷ দেওবাৰে বাংগালুৰুৰ নাৰায়ণা হেল্থচিটিৰ পৰা বিধায়ক অখিল গগৈক আহিবলৈ চিকিৎসকে অনুমতি দিয়ে ৷ অৱশ্যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি আৰু দুদিনমান তেওঁ বাংগালুৰুতে থাকিব লাগিব । শুকুৰবাৰে বাংগালুৰুৰ নাৰায়ণা হেল্থ চিটি ছুপাৰ স্পেচিয়েল হাস্পতালত সম্পন্ন হৈছিল অখিল গগৈৰ হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ । পুৱা ৯ বজাৰ পৰা প্ৰায় তিনি ঘণ্টাজোৰা অস্ত্ৰোপচাৰ হৈছিল বিধায়ক গগৈৰ ৷
অস্ত্ৰোপচাৰৰ পিচত বিধায়কজনক যোৱা দুদিন পৰ্যবেক্ষণত ৰখা হৈছিল ৷ ছুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া(Akhil suffers from Supraventricular tachycardia) নামৰ এক ৰোগত আক্ৰান্ত অখিল গগৈক প্ৰাৰম্ভিকভাৱে গুৱাহাটী মেডিকিল কলেজত ভৰ্তি কৰা হৈছিল(MLA Akhil Gogoi hospitalized) ৷ কিন্তু এই জটিল হৃদৰোগৰ উপযুক্ত চিকিৎসা ব্যৱস্থা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নথকাৰ বাবে তেওঁক ১ নৱেম্বৰত বাংগালুৰুৰ চিকিৎসালয়খনলৈ প্ৰেৰণ কৰা হয় ৷ নাৰায়ণা হাস্পতালৰ ডা° শ্ৰীৰ্ষা শংকৰ মাইয়া (Dr. Shreesha Shankar Maiya) আৰু ডাঃ কপিল কুমাৱাত (Dr Kapil Kumawat)ৰ তত্বাৱধানত শুকুৰবাৰে EPS RFA নামৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হয় । চিকিৎসা বিজ্ঞানৰ তথ্যমতে ১০লাখ লোকৰ মাজত এজনহে এই ৰোগত আক্ৰান্ত হয় ৷
৫ দিন চিকিৎসালয়ত থাকি অস্ত্ৰোপচাৰৰ পিছত দেওবাৰে চিকিৎসালয়ৰ পৰা ওলাই অহাৰ সময়ত বাহিৰত সাক্ষাৎ কৰিবলৈ বাংগালুৰু নিবাসী অসমৰ শুভাকাংক্ষীক অপেক্ষা কৰি থকা দেখা যায় ৷ বাংগালুৰু নিবাসী অখিল গগৈৰ শুভাকাংক্ষীসকলে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰি শুভেচ্ছা জনায় ৷ অখিল গগৈ সম্প্ৰতি সম্পূৰ্ণ সুস্থ যদিও কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে(Akhil Gogoi hospitalized in Bengaluru) ৷