গুৱাহাটী, ১১ মাৰ্চ: নিৰ্বাচনৰ সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অহা 10 মে, 2022 ৰ ভিতৰত 1 লাখ নিবনুবাক নিযুক্তি দিয়াৰ দাবী তুলি ৰাইজৰ দলে শুকুৰবাৰে চচলস্থিত ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী গ’ বেক, শীঘ্ৰে এক লাখ নিবনুৱাক নিযুক্তি দিয়ক, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক আদিকে ধৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লো-গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে, ২০২১ চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি দলে চৰকাৰ গঠনৰ হ’লে এমাহৰ ভিতৰতে এক লাখ নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি দিছিল (One lakh job assurance)। কিন্তু আজি দহ মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰখনে এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হোৱা নাই । 1 লাখ নিবনুবাক চৰকাৰে নিযুক্তি দিয়াৰ দাবী তুলি চলিত বৰ্ষৰ 1 মাৰ্চত শিৱসাগৰৰ পৰা আৰম্ভ কৰা নিযুক্তি আন্দোলন ব্যপক ৰূপত চলিব বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে কয়, এতিয়াৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহে সপ্তাহে নিযুক্তি আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । তাৰোপৰি সমাগত অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনতো বিজেপিৰ 1 লাখ নিবনুৱাৰ নিযুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।