অসম

assam

ETV Bharat / state

NIA Charges Against Akhil Gogoi : আপোচ নকৰাৰ বাবেই জীৱনটো জে’লত থাকিব লাগিব: অখিল গগৈ - Anti CAA movement in Assam

পুনৰ জে’ললৈ যোৱাৰ পথ প্ৰশস্ত হৈছে বিধায়ক অখিল গগৈৰ ৷ কা আন্দোলনত জঁপিয়াই পৰা অখিল গগৈক পুনৰ NIAৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হ’ল (NIA charges against Akhil Gogoi) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়- ‘‘মই কেতিয়াও আপোচ নকৰোঁ ৷ সেইবাবেই হয়তো জীৱনটো জে’লতে থাকিবলগীয়া হ’ব ৷’’

NIA Charges Against Akhil Gogoi
বিধায়ক অখিল গগৈ

By

Published : Feb 9, 2023, 10:04 PM IST

বিধায়ক অখিল গগৈ

গুৱাহাটী, 9 ফেব্ৰুৱাৰী : অহা ২৩ ফেব্ৰুৱাৰীত অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে নিৰ্দেশ দিয়াৰ পিছতে অখিল গগৈ বি জে পি চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈ পৰে (NIA charges against Akhil Gogoi)। এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ নিজৰাপাৰত থকা তেওঁৰ বাসভৱনত এক সংবাদমেল সম্বোধন কৰে ।

বিধায়কগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে এয়া বি জে পি চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ । উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি অনুসৰি অখিল গগৈ (MLA Akhil Gogoi) পুনৰ কাৰাগাৰলৈ যোৱাৰ সম্ভাৱনা আছে ৷ কা-বিৰোধী আন্দোলনৰ গোচৰৰ বাবে দুবছৰ কাৰাবাস খাটি যোৱা বছৰ ২১ জুলাইত মুকলি আকাশৰ তললৈ আহিছিল অখিল গগৈ ৷ কিন্তু কা বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে NIA য়ে ৰুজু কৰা গোচৰত নিয়া আদালতে দিয়া ৰায়দান বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে (Gauhati HC on NIA case against Akhil Gogoi)৷

গুৱাহাটী উচ্চ ন্যায়ালয়ত কা বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে NIA য়ে ৰুজু কৰা গোচৰত নিয়া আদালতে দিয়া ৰায়দান সম্পৰ্কত বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে । NIAৰ 121/2021 নম্বৰ গোচৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি শুনানি গ্ৰহণ কৰা হয় ।

উল্লেখযোগ্য কা বিৰোধী আন্দোলনৰ (Anti CAA movement in Assam) সময়ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে 121/2021 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছিল ৷ তাৰ পিছত এই গোচৰৰ নিয়া আদালতত শুনানি হৈছিল ৷ নিয়াই অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য দিব নোৱাৰাৰ বাবে নিয়া আদালতে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক ২১ জুলাইত জে’লৰ পৰা মুকলি কৰি দিয়ে ।

পিচত নিয়াই পুনৰ এই শুনানিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত (Gauhati High Court) আপীল কৰে । পিছত এই গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰি অহা ২৩ ফেব্ৰুৱাৰীত অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উক্ত গোচৰৰ জামিনৰ বাবে অখিল গগৈয়ে নতুনকৈ জামিন আবেদন কৰিব লাগিব । যদিহে জামিন লাভ নকৰে তেনেহলে পুনৰ কাৰাগাৰলৈ যাব লাগিব অখিল‌ গগৈ ।

এই সন্দৰ্ভত অখিল গগৈয়ে কয়- ‘‘মই আকৌ বি জে পি চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈছো । আপোচ কৰাৰ‌ বাবে চৰকাৰৰ পক্ষৰ মোলৈ বহুত প্ৰস্তাৱ আহিছে । কিন্তু চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিছো । যাৰ‌ বাবে চৰকাৰে মোক পুনৰ জে’লত ভৰোৱাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ আপোচ কৰিলে মোৰ জে’ল নহয় । কিন্তু মই কোনোপধ্যে আপোচ নকৰোঁ ৷’’

অখিল‌ গগৈয়ে লগতে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ।

লগতে পঢ়ক:Guwahati HC order to Akhil Gogoi: 23 ফেব্ৰুৱাৰীত NIA ৰ আদালত হাজিৰ হ’ব লাগিব অখিল গগৈ

ABOUT THE AUTHOR

...view details