অসম

assam

ETV Bharat / state

পালমৰা, সীমিত, কোনো সপোন নথকা বাজেট এইখন: অখিল গগৈ - অখিল গগৈ অসম বাজেট 2022

বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2022-23(Assam budget 2022-23) বিত্তীয় বৰ্ষৰ বাজেটখনক ক্ষুৰধাৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে ৷ বিধায়কগৰাকীৰ মন্তব্য অনুসৰি বাজেটখনত কোনো নতুনত্ব নাই, প্ৰশংসা কৰিবলৈ বাজেটখনত এটাও শব্দ নাই ৷

Assam budget 2022-23
পালমৰা, সীমিত, কোনো সপোন নথকা বাজেট এইখন: অখিল গগৈ

By

Published : Mar 16, 2022, 7:21 PM IST

গুৱাহাটী, ১৬ মাৰ্চ: বিত্ত মন্ত্ৰী অজন্তা নেওগে বুধবাৰে সদনত দাখিল কৰা বাজেটখনক(Assam budget 2022-23) এখন পালমৰা, কোনো সপোন নথকা দুৰ্ভাগ্যজনক বাজেট বুলি আখ্যা দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । তেওঁ কয় যে, এইখন বাজেটত কোনো নতুন কথা নাই । পুৰণি আঁচনিসমূহকে নতুনকৈ মুখ্যমন্ত্ৰীৰ নাম দি ঘোষণা কৰা হৈছে ।

বাজেটখনত ঘাটিৰ পৰিমাণ কমকৈ দেখুওৱা হৈছে বুলি মন্তব্য কৰে বিধায়গৰাকীয়ে (Akhil Gogoi on Assam budget 2022)৷ যিহেতু কোনো নতুন পৰিকল্পনাই নাই সেইবাবেই ঘাটিৰ পৰিমাণ কমকৈ দেখুওৱা হৈছে বুলি মন্তব্য কৰ্ অখিল গগৈয়ে । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটখন অতি হতাশজনক আৰু দূৰ্ভাগ্যজনক বাজেট বুলি আখ্যা দি তেও কয় যে, ইয়াত কৃষকৰ বাবেও একো নাই, ছাত্ৰ-ছাত্ৰীৰ বাবেও একো নাই ।

পালমৰা, সীমিত, কোনো সপোন নথকা বাজেট এইখন: অখিল গগৈ

মুখ্যমন্ত্ৰীয়ে ১০ মে’ৰ ভিতৰত এক লাখ নতুন নিযুক্তি দিয়া হ’বই বুলি কৈ আহিছে, কিন্তু বাজেটখনত আজি কোৱা হ'ল যে বিভিন্ন বিভাগত ৫০,৯৭০ টা পদতহে নিযুক্তি দিব পৰা যাব । অৰ্থাৎ নিযুক্তিৰ আচল কথাটো বাজেটত ওলাই পৰিল । ইয়াত সকলো পুৰণি কথাই ভৰি আছে । এনেদৰে কয় বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক:এক লাখ নিযুক্তি সন্দৰ্ভত কি আছে বাজেটত ?

ABOUT THE AUTHOR

...view details