অসম

assam

ETV Bharat / state

Akhil Gogoi react on Syndicate: মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত অসমত ভয়াৱহ ছিণ্ডিকেট চলি আছে: অখিল গগৈ

হাতত প্লে কাৰ্ড আৰু দাবী সম্বলিত টি-চাৰ্ট পৰিধান কৰি বিধানসভা চৌহদত ছিণ্ডিকেটৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ(Akhil Gogoi protest at assam legislative assembly) । চুপাৰী, কয়লা ছিণ্ডিকেটৰ দ্বাৰা চৰকাৰৰ টকা সংগ্ৰহৰ অভিযোগ গগৈৰ ৷ মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত কেইজনমান মন্ত্রী আৰু বিধায়কে এই ছিণ্ডিকেট চলাই থকাৰ অভিযোগ গগৈৰ ।

MLA Akhil Gogoi
শিৱসাগৰৰ বিধায়ক অখিল গগৈ

By

Published : Dec 24, 2022, 10:42 PM IST

শিৱসাগৰৰ বিধায়ক অখিল গগৈ

গুৱাহাটী, ২৪ ডিচেম্বৰ: ছিণ্ডিকেটক লৈ পুনৰ সৰৱ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ(MLA Akhil Gogoi) । শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা ৰাজ্যত চলি থকা ছিণ্ডিকেটক লৈ প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে । হাতত প্লেকাৰ্ড লৈ আৰু দাবী সম্বলিত টি-চাৰ্ট পৰিধান কৰি অখিল গগৈয়ে বিধানসভা চৌহদত ছিণ্ডিকেটৰ বিৰুদ্ধে প্ৰতিবাদ স‍াব্যস্ত কৰে ।

সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে চৰকাৰৰ ধনৰ উৎস হৈছে এই ছিণ্ডিকেট । চুপাৰী, কয়লাৰ ছিণ্ডিকেটৰ দ্বাৰা টকা সংগ্ৰহ কৰিছে চৰকাৰে । মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত ৰাজ্যত চলি আছে বৃহৎ ছিণ্ডিকেট । এই ছিণ্ডিকেট শীঘ্ৰে বন্ধ হ'ব লাগে বুলি তেওঁ দাবী জনায় । তেওঁ কয় যে মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত কেইজনমান মন্ত্রী আৰু বিধায়কে চলাই আছে এই ছিণ্ডিকেট(Syndicate in Assam) ।

প্ৰতি কেজি চুপাৰীত ৩০ টকাকৈ চৰকাৰে লৈ আছে বুলি অভিযোগ কৰি তেওঁ কয় যে অসমত কাঠৰো ভয়ংকৰ ছিণ্ডিকেট চলি আছে । এটা সময়ত কংগ্ৰেছত ছিণ্ডিকেট আৰম্ভ কৰা সকলেই এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হৈ আছে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে । শাসক পক্ষৰ আটাইতকৈ বেছি টকা ছিণ্ডিকেটৰ পৰাই আহিছে বুলি অভিযোগ কৰি তেওঁ কয় যে কয়লা ছিণ্ডিকেটৰ বাবেই ৰাজ্যৰ বাঢ়িছে ইটাৰ দাম ।

তেওঁ লগতে কয় যে গৰুৰ লগতে অসমত ম'হৰ ডাঙৰ ছিণ্ডিকেট চলি আছে । বিজেপি চৰকাৰৰ দিনত এতিয়া অসমত ছিণ্ডিকেটৰাজ চলিছে । মূল্যবৃদ্ধিৰ অন্যতম কাৰণ হৈছে ছিণ্ডিকেট । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৪০ হাজাৰ কোটি টকাৰ কয়লা চুৰি কাৰ্য সংঘটিত হৈছে বুলি তেওঁ অভিযোগ কৰে(Coal Syndicate in Assam) ।

উল্লেখ্য যে, অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত অসমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ছিণ্ডিকেট চলি থকাৰ বিস্ফোৰক অভিযোগ কৰিছিল (Assam CM Himanta Biswa Sarma) । তেওঁ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা ছিণ্ডিকেটৰ সমস্ত তথ্য তেওঁৰ হাতত থকাৰ দাবী কৰি সংবাদ মাধ্যমে বাতৰিটো প্ৰকাশ কৰিলে তেওঁ সমগ্ৰৰ তথ্য যোগান ধৰাৰ কথা ব্যক্ত কৰিছিল ৷

লগতে পঢ়ক :MLA Akhil Gogoi: শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ কেলেংকাৰীৰ তথ্য-প্ৰমাণ আছে বিধায়ক অখিল গগৈৰ হাতত

ABOUT THE AUTHOR

...view details