গুৱাহাটী, ৪ এপ্ৰিল:NCERT ৰ পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰাই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi react on NCERT new text book)। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰৰ দিনটোত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে কয় যে, বিজেপি চৰকাৰে ইতিহাস নতুনকৈ লিখিব খুজিছে । বিধানসভা চৌহদত বিধায়ক গগৈয়ে পুনৰ কয় যে, বিজেপি চৰকাৰে অসমৰ মানুহক নতুনকৈ ইতিহাস পঢ়াব খুজিছে (Budget Session of Assam Legislative Assembly)।
অসমৰ ইতিহাসক বিজেপি চৰকাৰে ঢাকি পেলাব খুজিছে বুলি সদৰী কৰি বিধায়ক অখিল গগৈয়ে কয় যে, ভাৰতবৰ্ষত পৰ্যায়ক্ৰমে পাঠ্যপুথিৰ পৰা ইতিহাস সমূহক নাইকীয়া কৰি দিব বিচৰা হৈছে (Akhil Gogoi reacts on changing of history) । তেওঁ লগতে কয় যে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী পাঠ্যক্ৰম কৰিব বিচৰা হৈছে আৰু এইক্ষেত্রত তেওঁৰ সমষ্টিৰ দুখন বিদ্যালয়ৰ বাবে অনুমতি বিচাৰি পত্র দিয়া হৈছে । শিৱসাগৰৰ দুখন বিদ্যালয়ক ইংৰাজী মাধ্যম কৰিব বিচৰা হৈছে । এনে কৰিবৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, এনে কৰিলে ড্ৰপ আউটৰ সংখ্যা বৃদ্ধি পাব । প্ৰকৃততে বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ।