অসম

assam

ETV Bharat / state

CM’s wife Land scam: মুখ্যমন্ত্ৰী পত্নীৰ মাটি ক্ৰয়ৰ প্ৰসংগক লৈ নতুন তথ্যৰে বিধানসভা চৌহদত সৰৱ অখিল গগৈ

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ চৰ্চিত ভূমি কেলেংকাৰীৰ বিষয়টোৰ সন্দৰ্ভত কেতবোৰ নতুন তথ্য দাঙি ধৰিছে বিধায়ক অখিল গগৈয়ে ৷ বিধানসভা চৌহদত সাংবাদিকসকলক সম্বোধন কৰি বিধায়ক গগৈয়ে ধৰিত্রী পৰ্টেলত প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ৰিণিকি শৰ্মা ভূঞাই ৫০ বিঘা ২ কঠা ১৯ লেচা মাটিৰ তথ্য থকাৰ কথা ব্যক্ত কৰে । সাহস থাকিলে পৰিবাৰে লোৱা মাটিখিনিক সমবায়ৰ নামত কৰি দিয়াৰ বাবেও মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনায় বিধায়ক গগৈয়ে ।

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 4:13 PM IST

CM’s wife Land scam
মুখ্যমন্ত্ৰী পত্নীৰ মাটি ক্ৰয়ৰ প্ৰসংগক লৈ নতুন তথ্যৰে বিধানসভা চৌহদত সৰৱ অখিল গগৈ

মুখ্যমন্ত্ৰী পত্নীৰ মাটি ক্ৰয়ৰ প্ৰসংগক লৈ নতুন তথ্যৰে বিধানসভা চৌহদত সৰৱ অখিল গগৈ

গুৱাহাটী,১৪ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি ক্ৰয়ৰ প্ৰসংগক লৈ একপ্ৰকাৰৰ সকলো সময়তে সৰৱ হৈ আছে বিধায়ক অখিল গগৈ । অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ বৃহস্পতিবাৰে চতুৰ্থ দিনাও অখিল গগৈ এই প্ৰসংগকলৈ সৰৱ হৈ পৰে । এই সন্দৰ্ভত কেতবোৰ নতুন তথ্য লৈ বিধায়ক অখিল গগৈয়ে বিধানসভা চৌহদত সাংবাদিকসকলক সম্বোধন কৰে ।

ধৰিত্রী পৰ্টেলৰ পৰা লোৱা তথ্য দাঙি ধৰি তেওঁ কয় যে কাৰ নাম কাটিছে আৰু কাৰ নাম সোমোৱাইছে সেয়া স্পষ্টভাৱে লিখা আছে । ইয়াত আছে প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ৰিণিকি শৰ্মা ভূঞাৰ নাম । এইটো ৫০ বিঘা ২ কঠা ১৯ লেচা মাটিৰ তথ্য । আন এটা ৫৬ বিঘা মাটিৰ তথ্য দাঙি ধৰি তেওঁ কয় যে প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ হৈ ৰিণিকি শৰ্মা ভূঞাই নগাঁও জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰিগজি গাঁৱত ক্ৰয়-বিক্ৰয় কৰা ভূমিৰ পৰিমাণ ৫০ বিঘা ২ কঠা ১৯ লেচা । ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত ক্ৰয় কৰিছিল ভূমিখিনি ।

তেওঁ লগতে কয় যে চিলিং আইন অনুসৰি ৫০ বিঘাৰ ওপৰত ভূমি ক্ৰয় কৰিব নোৱাৰি । প্ৰসংগ ক্ৰমে তেওঁ কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰি লোহিয়াৰ পৰা টপচেম চিমেণ্টৰ নামত লোৱা ১০২ বিঘা ভূমি কাঢ়ি আনি চৰকাৰীকৰণ কৰিবলৈ সক্ষম হৈছিল । ইফালে বিজেপিৰ নেতাসকলে সম্পত্তি থকা বুলি কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে সেই সম্পত্তিবোৰ তেওঁক দেখুৱাই দিব লাগে । কোনোবাই দেখুৱাব পাৰিলে তেওঁকে সেই সম্পত্তি দি দিম বুলি তেওঁ কয় । তেওঁ মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাই কয় যে সাহস আছে যদি পৰিবাৰে লোৱা মাটিখিনিকে সমবায়ৰ নামত কৰি দিয়ক ।

আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ১ জুলাইত ক্ৰয় কৰা ৫৬ বিঘা ভূমিৰ তথ্যও তেওঁ দাঙি ধৰে । উল্লেখ্য যে মাত্ৰ ১০ মাহৰ ভিতৰতে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য । এই অভিযোগ উত্থাপন হোৱাৰ পাচতে কেৱল অসমতেই নহয় দেশজুৰি বিষয়টো চৰ্চিত হৈ পৰিছে । বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Assam Assembly Session 2023: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ চৰ্চিত ভূমি কেলেংকাৰীকলৈ উত্তাল‌ সদন; প্ৰতিবাদ বিৰোধীৰ

ABOUT THE AUTHOR

...view details