গুৱাহাটী, ২৪ জুন:"মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰে খিলঞ্জীয়াৰ ভৱিষ্যতক সুৰক্ষা দিয়াৰ কথা কৈছিল যদিও কাৰ্যক্ষেত্ৰত ইয়াত নিধন কৰাৰ এক প্ৰক্ৰিয়াহে দেখা গ'ল ।" সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি এইদৰে মন্তব্য় কৰে । তেওঁ পুনৰ কয়, " এইক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বেয়া পোৱা আহোম জনগোষ্ঠীক নিধন কৰিছে । নিধন কৰিছে তিৱা জনগোষ্ঠীক। প্ৰকৃততে সমষ্টি পুনৰ নিৰ্ধাৰণ মুখ্যমন্ত্ৰীৰ মিছন নিধনলৈহে পৰিণত হৈছে ।"
তেওঁ পুনৰ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নিধন কৰা হৈছে পুৰণি বিজেপি নেতাৰ পৰা অগপ নেতাসকলক। তদুপৰি ৯ টা অনুসূচিত জাতিৰ বাবে থকা সমষ্টিত কেৱল ৫ টাহে অসমীয়া খিলঞ্জীয়াৰ বাবে ৰখা হৈছে । ইয়াৰ বিপৰীতে বাঙালীৰ বাবে চাৰিটাকৈ সমষ্টি ৰখা হৈছে । খিলঞ্জীয়া জনজাতি সকলৰ নিধনৰ বাবেহে কাম কৰা বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে কয়,"বৰাকত বাঙালীৰ বাবেহে আসন সুৰক্ষিত কৰিছে বিজেপিয়ে । তাৰ বিপৰীতে খিলঞ্জীয়া জনজাতি সকলক ৰাজনৈতিক ভাৱে শেষ কৰা হৈছে ।
বিধায়ক অখিল গগৈয়ে কয় যে অগপৰ বিধয়ক ফণীভূষণ চৌধুৰীক ৰাজনৈতিকভাৱে শেষ কৰা হৈছে । সেই সমষ্টি বাঙালী হিন্দুক দিয়া হৈছে । অগপক নিধনৰ ভিতৰত কমলা কলিতা, প্ৰদীপ হাজৰিকা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন ভৰালী, ৰেণুপমা ৰাজখোৱা আৰু সকলো অগপ নেতাক ৰাজনৈতিকভাৱে নিধন কৰা হৈছে । খিলঞ্জীয়াৰ নাম দেখুৱাই এক গুলিত দুই চিকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে । এই খচৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী নিজৰ কাৰণে সমষ্টি সংৰক্ষণ,পত্নীৰ বাবে সমষ্টি সংৰক্ষণ,পুত্ৰৰ বাবে সমষ্টি সংৰক্ষণ কৰা যেন লাগিছে বুলি তেওঁ কটাক্ষ কৰে ।