গুৱাহাটী, ১২ ছেপ্টেম্বৰ:অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনাও শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ'ল প্ৰতিবাদী ৰূপত । বিধানসভা চৌহদত বিধায়ক অখিল গগৈয়ে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । এইবাৰ তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে হাতত প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে তেওঁ প্লে-কাৰ্ডত কাৰো নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ।
তেওঁ প্লে-কাৰ্ডৰ ওপৰত সাধাৰণ জনতাক বুলড'জাৰ চলাই উচ্ছেদ কাৰ্য চলোৱাৰ এখন আলোকচিত্রৰে চৰকাৰী উচ্ছেদৰ বিৰোধিতা কৰাৰ লগতে আন এক প্ৰসংগ উল্লেখ কৰিছে । প্লে-কাৰ্ডখনত তেওঁ লিখিছে এইদৰে, ‘‘এজন মানুহক কিমান মাটি লাগে ? ৬ ফুট- টলষ্টয় । মুখেৰে কয়, খিলঞ্জীয়াৰ অধিকাৰৰ বৰ কথা । চিলিং আইন ভাঙি পত্নীয়ে মাটি লয় ৫০ বিঘা ৩ কঠা । মুখত ৰখায় জাতি -মাটি ভেটি । কামত কি ? পত্নীয়ে ৰাজসাহায্য পায় ১০ কোটি ।’’
উল্লেখ্য যে, এই প্ৰশ্ন আৰু বাক্যবাণ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাকে উদ্দেশ্য কৰি কৰা হৈছে । বিধায়ক অখিল গগৈয়ে কাৰো নাম উল্লেখ নকৰিলেও সকলোৱে সহজতে অনুমান কৰিব পাৰিছে যে কাক উদ্দেশ্য কৰি তেওঁ এনেদৰে বিধানসভা চৌহদত প্ৰতিবাদ কৰিছে । কাৰণ শেহতীয়াকৈ মুখ্যমন্ত্রীৰ পত্নীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে ।