গুৱাহাটী, 20 নৱেম্বৰ :যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বৰ প্ৰস্তাৱ অখিল গগৈৰ ৷ ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে বিচাৰিছে এইবাৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে নিৰ্বাচন খেলক যোৰহাট লোকসভা সমষ্টিত ৷ কাজিৰঙা অথবা নগাঁও লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাক লৈ জল্পনা-কল্পনা চলি থাকিলেও, কংগ্ৰেছে যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰাটো বিচাৰিছে অখিল গগৈয়ে ৷
সোমবাৰে ৰাজহুৱাভাৱে এই স্পষ্ট প্ৰস্তাৱ আগবঢ়াইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ সোমবাৰৰ পৰা শিৱসাগৰৰ ৰংঘৰৰ বাকৰিৰ পৰা আৰম্ভ হৈছে ৰাইজৰ দলৰ গণ জাগৰণ যাত্ৰা ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈৰ মন্তব্য –“ যদি সঁচাকৈয়ে অসমৰ ৰাজনীতিৰ পট পৰিৱৰ্তন কৰিব লাগে, সঁচা-সঁচিকৈ জনতাৰ মাজত ৰাজনৈতিক জাগৰণ আনিব লাগে তেন্তে আমি এনেকুৱা ঠাইত এনে প্ৰাৰ্থী দিব লাগে য’ত তেওঁ জিকাটো নিশ্চিত হয় ৷ আজি যোৰহাট লোকসভা সমষ্টিত যদি ৰাইজৰ দলে প্ৰতিদন্দ্বিতা কৰিলেহেঁতেন আমি নিশ্চিতভাৱে ইয়াত জয়ী হ’ব পাৰিলোহেঁতেন ৷ কিন্তু আমি প্ৰতিদন্দ্বিতা নকৰো ৷ আমি যোৰহাটত প্ৰাৰ্থীৰূপে বিচাৰিছো গৌৰৱ গগৈক ৷ যদি যোৰহাটত গৌৰৱ গগৈক নিদি কংগ্ৰেছ দলে আন কাৰোবাক বহুৱাই দিয়ে তেন্তে বিজেপিক সহায় কৰা হ’ব ৷”