পুনৰ কাৰাগাৰলৈ যাব নেকি বিধায়ক অখিল গগৈ! গুৱাহাটী, 6 এপ্ৰিল : বৃহস্পতিবাৰে নিয়াৰ আদালতত পুনৰ হাজিৰ হয় বিধায়ক অখিল গগৈ আৰু তেওঁ তিনি সতীৰ্থ (Akhil Gogoi at NIA Court)। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা নহাৰ বাবে আজিও চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে নিয়া আদালত (NIA court) ৷
উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ গোচৰৰ বাবে দুবছৰ কাৰাবাস খটাৰ পিচত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী বৰ্তমান জামিনত আছে অখিল গগৈ । অখিল গগৈৰ বিৰুদ্ধে থকা 'নিয়া'ৰ অভিযোগ সন্দৰ্ভত পুনৰ গোচৰ চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছিল । এই সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অখিল গগৈ ।
পিচত নিয়াই পুনৰ এই শুনানিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল । এই গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে (MLA Akhil Gogoi present at NIA court)। তাৰ পিচতে অখিল গগৈয়ে আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া শুনানিক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ।
ইতিমধ্যে উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত যোৱা 20 মাৰ্চত এক শুনানি প্ৰদান কৰা হৈছিল । কিন্তু উচ্চতম ন্যায়ালয়ে চূড়ান্ত কোনো ৰায় নিদিয়াৰ বাবে শুনানিটো স্থগিত কৰিব লগা হয় । আজি নিয়াৰ আদালতত হাজিৰ হোৱা পিচত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অহা 25 এপ্ৰিলত নিয়া আদালতে পুনৰ মোক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে । তাৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত স্থগিত হৈ থকা শুনানিত মোক দোষ মুক্ত কৰিলে মই জেললৈ যাব নালাগে । অন্যথা উচ্চতম ন্যায়ালয়ত স্থগিত হৈ থকা শুনানিত মোক দোষী সাব্যস্ত কৰিলে মই জেইললৈ যাব লাগিব । এতিয়া বিধানসভা চলি আছে, এই সময়ত চৰকাৰে মোক জেইলত ভৰাব বিচাৰিছে ।
লগতে পঢ়ক:Draupodi Murmu Assam Visit : ৰাষ্ট্ৰপতিৰ আগমনৰ পৰিপ্ৰেক্ষিতত যান-বাহন চলাচলত নিয়ন্ত্ৰণ
স্মৰ্তব্য যে 2019 চনত কা' আন্দোলনৰ সময়ত ১৩/১৯ নম্বৰ গোচৰৰ ভিত্তিত ১৪ ডিচেম্বৰত যোৰহাট কাৰাগাৰৰ পৰা কৃষক নেতা অখিল গগৈক প্ৰথম গ্ৰেপ্তাৰ কৰিছিল নিয়াই (Akhil Gogoi arrested for CAA protest)। পৰৱৰ্তী পৰ্যায়ত ১০ দিন নিয়াৰ জিম্মাত থকাৰ পিচতেই কৃষক নেতা গৰাকীক আদালতে প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ । অখিলক গ্ৰেপ্তাৰৰ পাচত ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ তিনিজন সতীৰ্থকো গ্ৰেপ্তাৰ কৰিছিল নিয়াই ।