অসম

assam

ETV Bharat / state

Cotton University: কটনৰ সভাপতি-সম্পাদকে বিজেপিত যোগদান কৰা কাৰ্যক নিন্দা অখিল গগৈৰ - কটন বিশ্ববিদ্যালয়ৰ সভাপতি

কটন বিশ্ববিদ্যালয়ৰ সভাপতি-সম্পাদকে বিজেপিত যোগদান কৰা কাৰ্যক নিন্দা কৰে বিধায়ক অখিল গগৈয়ে(MLA Akhil Gogoi) ৷ এই কাৰ্যক নিন্দা কৰা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে এনেকুৱা গেলা ৰাজনীতি কৰা ছাত্ৰনেতাক কোনোপধ্যে স্থান নিদিবলৈ আৰু গেলা ৰাজনীতিক প্ৰশ্ৰয় নিদিবলৈ কটনীয়ানক আহ্বান জনায় ।

Cotton University
কটনৰ সভাপতি-সম্পাদকে বিজেপিত যোগদান কৰাৰ কাৰ্যক অখিল গগৈৰ নিন্দা

By

Published : Jul 17, 2022, 9:11 PM IST

গুৱাহাটী, ১৭ জুলাই: কটন বিশ্ববিদ্যালয়ৰ সভাপতি-সম্পাদকে বিজেপিত যোগদানক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে (Cottonian joins BJP) । দেওবাৰে সংবাদ মেলযোগে বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কটনৰ সভাপতি, সম্পাদকে বিজেপিত যোগদান কৰি কটনৰ গৰিমাত কালিমা সানিলে । এওঁলোকক ঘৃণাৰে উপজাই পেলাব লাগে ।

কটনৰ সভাপতি-সম্পাদকে বিজেপিত যোগদান কৰাৰ কাৰ্যক অখিল গগৈৰ নিন্দা

লগতে তেওঁ কয়, ‘‘আমি কটনত থাকোতে শাসকপক্ষক ৰাজনীতিৰ পৰা আঁতৰাবলৈ যুঁজিছিলো (Akhil Gogoi in cotton college)। হিমন্তবিশ্বক কটনৰ পৰা খেদিবলৈ আমি সংগ্ৰাম কৰিছিলো । কিন্ত আজিৰ দিনত কটনৰ সভাপতি, সম্পাদকে ভাৰতৰ আটাইতকৈ সাম্প্ৰদায়িক ফেচিষ্ট দলটোত যোগ দিছে । ইয়েই কটনীয়ানৰ গৰিমাত কলংক সানিছে ।

এই কাৰ্যক নিন্দা কৰা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে এনেকুৱা গেলা ৰাজনীতি কৰা ছাত্ৰনেতাক কোনোপধ্যে স্থান নিদিবলৈ আৰু গেলা ৰাজনীতিক প্ৰশ্ৰয় নিদিবলৈ কটনীয়ানক আহ্বান জনায় । আনহাতে বিজেপি দল আৰু মুখ্যমন্ত্ৰীক ছাত্ৰ-ছাত্ৰীক লেতেৰা ৰাজনীতিৰ মাজলৈ নানিবলৈ সকীয়নী দিয়ে অখিল গগৈয়ে (MLA Akhil Gogoi)।

লগতে পঢ়ক:Presidential Election 2022: অখিল গগৈৰ মতে আজমলৰ দলে NDAৰ প্ৰাৰ্থীক ভোট দিয়াটো খাটাং

ABOUT THE AUTHOR

...view details