গুৱাহাটী, ২১ ছেপ্টেম্বৰ : দিল্লীলৈ প্ৰশিক্ষণৰ বাবে যোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি দিল্লীৰ আছাম হাউছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে সাক্ষাৎ হয় (Akhil gogoi meets Assam CM Himanta Biswa Sarma in New Delhi) । সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰে হোৱা বাৰ্তালাপৰ বিষয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে ।
তেওঁ কয় যে, সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰ লগত সমষ্টিৰ লগতে ৰাজ্যখনৰ প্ৰসংগত তেওঁ যথেষ্ট কথা পাতিলে । সেই সন্দৰ্ভত তেওঁ কয় যে, প্ৰথমতে ৰাজ্যৰ মাধ্যম বিষয়কলৈ যথেষ্ট সময় আলোচনা কৰা হয় আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তেওঁৰ কথাখিনি ক’লে ।
এই আলোচনাকালত প্ৰাক্তন সাংসদ ৰমেন ডেকা উপস্থিত আছিল ।
আজিৰ আলোচনাতে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ বাবে কেইবাটাও কাম কৰি দিয়াৰ কথা উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে । শিৱসাগৰক বিশ্ব ঐতিহ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অধ্যয়নৰ বাবে এক কোটি টকা দিয়াৰ কথা আছিল । সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে আৰু দুই-এদিনতে সেই পুঁজি মোকলাই দিয়া হ'ব ।